/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/v5drbnpr/46211376111430325444915711752740684884826155n.jpg)
ডিজিটেল ডেস্ক : এখন চিঠি লিখি আমি ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষা মন্ত্ৰী হৈ আছিল, তেতিয়াই তেঁও অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ কাৰণে নথি প্ৰস্তুতকৰণৰ কাম কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/e1a9aok1/46218650510617203987423888874049825931218069n.jpg)
অসম প্ৰকাশন পৰিষদক ইয়াৰ বাবে নথি প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিছিল। ইয়াৰ পাছতে অসম প্ৰকাশন পৰিষদে বিভিন্ন বিশেষজ্ঞসকলক লগত লৈ যাৱতীয় কাম-কাজ আৰম্ভ কৰিছিল। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰলস প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছো। -শুকুৰবাৰে বিহালীৰ বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/esd9s1qj/46193484910617200087424279128413052956916504n.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিহালী সমষ্টিৰ উচ্চ শিক্ষা ক্ষেত্ৰখনৰ সমৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৪ ছেপ্টেম্বৰত অনুষ্ঠিত মন্ত্ৰীসভা বৈঠকত এখন আদৰ্শ স্নাতক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এমাহৰ ভিতৰতে ৪ অক্টোবৰত সমষ্টিটোৰ বেদেতীত এই মহাবিদ্যালয়ৰ শিলান্যাস কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/ptreaz9r/46186264611430326344915628473653591247243280n.jpg)
এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক দিগন্ত কলিতা। শিক্ষানুষ্ঠানখনৰ শিলান্যাস কৰি মন্ত্ৰী পেগুৱে সুখী অনুভৱ কৰা বুলি কয়। লগতে মন্ত্ৰী পেগুৱে বিহালীৰ বেদেতী অঞ্চলৰ শৈক্ষিক উত্তৰণৰ সদিচ্ছাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/3xsllqgu/46189982511430327511582177383335162978952436n.jpg)
উল্লেখযোগ্য যে এইধৰণৰ আদৰ্শ মহাবিদ্যালয় নিৰ্মাণৰ ক্ষেত্ৰত ২৫ৰ পৰা ৩০ কোটি টকা ব্যয় হয় বুলি মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়ে। লগতে অধ্যক্ষ, শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰাবাস নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে পৰিকাঠানো প্ৰস্তুত কৰা বুলিও জনায়।
Also Read: অচিৰেই চাকৰি হেৰুৱাব ৰাজ্যৰ ১৭ জন আৰক্ষী পৰিদৰ্শকে!