গহপুৰত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ চকু চিকিৎসা শিবিৰ সম্পন্ন

গহপুৰত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ চকু চিকিৎসা শিবিৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
গহপুৰত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ চকু চিকিৎসা শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ,বিহালীঃ গহপুৰৰ বৰঙাবাৰীস্থিত মা কল্যাণী মন্দিৰ প্ৰাংগণত মঙলবাৰে দিনজোৰাকৈ বিনামূলীয়া চকু চিকিৎসা আৰু অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত হয় ৷ গহপুৰ আঞ্চলিক প্ৰাক্তন আলফা ঐক্যমঞ্চৰ উদ্যোগত গুৱাহাটীৰ শঙ্কৰদেৱ নেত্ৰালয়ৰ ১১ জনীয়া চিকিৎসকৰ দলে গহপুৰৰ বৰঙাবাৰীৰ প্ৰায় ৩ শতাধিক ৰোগীৰ চকু পৰীক্ষা কৰে।

Advertisment

চকুৰ জটিল ৰোগ ধৰা পৰা ৩৫ গৰাকী লোকক ২৬ জুনত চিকিৎসকৰ দলটোৱে গুৱাহাটীস্থিত 'শঙ্কৰদেৱ নেত্ৰালয়ত বিনামুলীয়াকৈ অস্ত্ৰোপচাৰ কৰিব বুলি প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কোষাধক্ষ্য অজিত মূদৈয়ে জানিবলৈ দিয়ে৷

পুৱা ১০ বজাত প্ৰাক্তন আলফা ঐক্যমঞ্চ গহপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত বিনামুলীয়া চকু পৰীক্ষা আৰু অস্ত্ৰোপচাৰ শিবিৰৰ দ্বাৰ মুকলি কৰে গহপুৰৰ হেলেম ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে৷ শিবিৰ কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে পশ্চিম ছয়দুৱাৰ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অপূৰ্ব চক্ৰৱৰ্তী, হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়া, ঘাঁহিগাঁও আৰক্ষী চকীৰ বিষয়া আৰু মা কল্যাণী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষী বৰদলৈ৷

উল্লেখ্য যে, বৃহত্তৰ বৰঙাবাৰী ৰাইজক বিনামুলীয়া চকু পৰীক্ষা আৰু অস্ত্ৰোপচাৰৰ সু-ব্যৱস্থা কৰি সহায় সহযোগ কৰা গুৱাহাটীস্থিত শঙ্কৰদেৱ নেত্ৰালয়়ৰ চিকিৎসক দলটোক কৃতজ্ঞতা জ্ঞাপন কৰে গহপুৰ আঞ্চলিক প্ৰাক্তন আলফা ঐক্যমঞ্চই ৷ লগতে ২৭ জুন তাৰিখে গহপুৰৰ নিগমত এদিনীয়াকৈ দ্বিতীয়টো বিনামুলীয়া চকু পৰীক্ষা আৰু অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷

Also Read: সুৰা, জুৱাৰ অবাধ প্ৰচলনৰ ভয়ংকৰ পৰিণতিঃ পত্নী, সন্তানকে ধৰি ৪ জনক দাৰে ঘপিয়ালে এজনে...

gohpur Former ULFA Unity Forum