ডিজিটেল ডেস্ক : আকৌ প্ৰত্যক্ষ ৰাজনীতিৰ ক্ষেত্ৰলৈ উভতি অহাৰ যো-জা চলাইছে বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে। নিজকে কাজিৰঙাৰ 'ৰজা' বুলি স্ব-ঘোষণা কৰা গগৈয়ে আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগ দিব বুলি জানিব পৰা গৈছে।
অহা ৪ অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ’ব লগা অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত লুৰীণজ্যোতি গগৈৰ উপস্থিতিত দলটোত যোগদান কৰিব দুবাৰৰ বিধায়ক জীতেন গগৈয়ে। কিছুদিন পূৰ্বে তেওঁ কৈছিল যে নিৰ্দলীয়ভাৱে ৰাজনৈতিক জীৱন অব্যাহত ৰাখিছে যদিও জাতীয়তাবাদৰ প্ৰতি তেওঁৰ দুৰ্বলতা পূৰ্বৰ পৰাই আছে। আনহাতে কোনো ৰাজনৈতিক দলৰ লগত তেওঁৰ প্ৰত্যক্ষ সংঘাত নথকাৰ কথাও উল্লেখ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০০১ চনত প্ৰথমবাৰৰ বাবে বোকাখাত সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল জীতেন গগৈ। সম্প্ৰতি তেঁও ‘বোকাখাত নিৰ্মাণ গোট’ নামৰ সংগঠনৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। নিৰ্মাণ গোটৰ নামতে তেঁও নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।