ৰঙিয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা

ৰঙিয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ,ৰঙিয়াঃ মঙলবাৰে ৰঙিয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। দিনৰ ১০ বজাত ৰাইজমেল কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি সাংসদ ভূৱনেশ্বৰ কলিতাই প্ৰসিদ্ধ ৰাজনীতিবিদ তথা অধ্যাপক থানেশ্বৰ বড়োৰ ৰাজনৈতিক ইতিহাস আৰু প্ৰচুৰ অধ্যয়নশীলতাৰ ওপৰত বিশদভাৱে আলোকপাত কৰে ।

Advertisment

অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহমন্ত্ৰী বড়োৰ ৰাজনৈতিক দিশৰ অৱদান আৰু কৰ্মৰাজিৰ ক্ষেত্ৰত গাম্ভীৰ্য্যপূৰ্ণ সাৰুৱা ভাষণ ৰাখে সমাজকৰ্মী মহেশ কাকতি আৰু শিক্ষাবিদ পবিন কলিতাই।

শিক্ষক মুস্তাফা কামাল আহমেদে আঁত ধৰা স্মৃতিচাৰণ সভাত ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱন স্মৃতিৰক্ষা কমিটি, আলোচনী সভা, লেখিকা সমাৰোহ কমিটি,স্বৰগোষ্ঠী, কামৰূপ, ৰঙিয়া জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপৰি গণনাট্য সংঘকে আদি কৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি প্ৰসিদ্ধ ৰাজনীতিবিদ গৰাকীৰ স্মৃতি সোঁৱৰণ কৰে।

সভাত শিক্ষাবিদ পবিন কলিতা, সমাজকৰ্মী ৰত্নেশ্বৰ কলিতা,চমিৰ আহমেদকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আৰু সাংবাদিক উপস্থিত থাকে ।

Also Read: গেলাহাতীঙা চাহ বাগিচাত "Menstrual Hygiene Day" সন্দৰ্ভত সজাগতা সভা...

rangia thaneswar boro Former Education Minister Thaneswar Boro'