অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ন দত্তৰ শেষ নিশ্বাস ত্যাগ

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ন দত্তৰ শেষ নিশ্বাস ত্যাগ

ডিজিটেল ডেস্কঃ অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ন দত্ত(অৱসৰপ্ৰাপ্ত)ৰ দেহাৱসান। ৩১ ডিচেম্বৰৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে নাৰায়নে। এই খবৰ লাভ কৰাৰ পাছতে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে শোক ব্যক্ত কৰে।

অসম আৰক্ষীয়ে তেওঁৰ পত্নী, কন্যা, পুত্ৰ আৰু পৰিয়ালৰ আন সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ১৯৪৬ চনৰ ২ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল দীপক নাৰায়ন দত্তই।

১৯৭১ চনৰ অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়া আছিল দত্ত। তেওঁ বিভিন্ন পদত সেৱা আগবঢ়াইছিল। ২০০৫ চনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱাৰ পিছত ২০০৬ চনৰ ৩১ ডিচেম্বৰত তেওঁ অৱসৰ লৈছিল।

অৱসৰৰ পিছত তেওঁ ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ সদস্য আৰু পিছত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ১৯৯১ চনত ৰাজ্যপালৰ সোণৰ পদকৰে সন্মানিত কৰা হৈছিল। এগৰাকী দক্ষ আৰক্ষী বিষয়া হোৱাৰ উপৰিও তেওঁ এজন অধ্যাপক, শাস্ত্ৰীয় সংগীতজ্ঞ আছিল।

আৰক্ষী বাহিনীত যোগদান কৰাৰ আগতে তেওঁ কটন মহাবিদ্যালয়ৰ অধ্যাপক আছিল। ১৯৯৭ চনত তেওঁ ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। তাৰপাছতো তেওঁ অসমৰ জনগনৰ বাবে সেৱা আগবঢ়াই গৈছিল।

তেওঁৰ নশ্বৰ দেহ হায়দৰাবাদৰ পৰা ১ জানুৱাৰী ২০২৪ ত অসমলৈ অনা হ'ব আৰু অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অন্তিম শ্ৰদ্ধা জনোৱা হ'ব। তাৰপাছতে আবেলি ৩-৩০ বজাত নবগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

এই বিষয়ে টুইট কৰি সমবেদনা জ্ঞাপন কৰিছে জিপি সিঙে। তেওঁৰ বিদেহ আত্মাৰ প্ৰতি সন্মান জনাই অসম আৰক্ষীৰ গোটক ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ নৱবৰ্ষ উদযাপন বাতিল কৰিবলৈ আহ্বান জনাইছে সিঙে। লগতে ১ জানুৱাৰীত অসম আৰক্ষীৰ পতাকা অৰ্ধনমিত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ন দত্তৰ শেষ নিশ্বাস ত্যাগ
অসমৰ অখণ্ডতা সু-নিশ্চিত হোৱাৰ গেৰাণ্টি প্ৰদান কৰিছে কেন্দ্ৰইঃ আলফা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in