প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তি…

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তি…

author-image
asomiyapratidin
New Update
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তি…

ডিজিটেল সংবাদ কলিয়াবৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেওবাৰে নিশা ৯-৩০ বজাত দেহাৱসান ঘটে ৷ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত উলুৱনিৰ শ্ৰী শ্ৰী ৰূপনাৰায়ন খামুচীয়া সত্ৰৰ নিজা বাসগৃহত বাৰ্দ্ধক্য জনিত কাৰনত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটা দেৱকান্ত মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ ৷

Advertisment

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দেৱকান্ত মহন্তই মৃত্যুৰ সময়ত ইহ সংসাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, চাহ খেতিয়ক তথা উদ্যোগী দিলীপ মহন্ত আৰু অধ্যাপক বিপুল মহন্তসহ এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায় ৷ দেৱকান্ত মহন্তৰ বিয়োগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, কলিয়াবৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি প্ৰমুখ্য বিভিন্ন ব্যক্তি-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷