/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/807b44ab-6009-4599-8fa1-f90f2df95ab5/baksa.jpg)
ডিজিটেল সংবাদ, মুছলপুৰঃ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহে নিজ নিজ দল শক্তিশালী কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে ৷ ইয়াৰে অংশ হিচাপে বাক্সা জিলাৰ থমনাত দেওবাৰে গণ সুৰক্ষা পাৰ্টিয়ে দলটো শক্তিশালী কৰাৰ বাবে যুৱ মৰ্চা গঠন কৰে ৷
থমনাস্থিত ভিচিডিচি কাৰ্যালয়ত গণ সুৰক্ষা পাৰ্টিৰ বাক্সা জিলাৰ সভাপতি অজয় দাসৰ সভাপতিত্বত অনুষ্ঠিত বাক্সা জিলা গণ সুৰক্ষা পাৰ্টিৰ যুৱ মৰ্চা গঠন সম্পৰ্কে অনুষ্ঠিত সভাত গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বই দলটো মজবুত কৰাৰ বাবে যুৱ মৰ্চাক শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সভাতে মৃণ্ময় দত্তক সভাপতি আৰু ৰঞ্জন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া বাক্সা জিলা গণ সুৰক্ষা পাৰ্টি যুৱ মৰ্চাৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় ।
নিৰ্বাচিত সভাপতি মৃণ্ময় দত্তই কয় যে, "যুৱ শক্তিয়েই হৈছে ৰাষ্ট্ৰ শক্তি । গতিকে যুৱ শক্তি হিচাপে আমি গণ সুৰক্ষা পাৰ্টিৰ স্বাৰ্থত এখন শক্তিশালী সমাজ গঢ়াত ভূমিকা গ্ৰহণ কৰিম ।" আজিৰ সভাত কেন্দ্ৰীয় যুৱ মৰ্চাৰ আহ্বায়ক নৱজিত বৰ্মন, টিচিএলচিচিৰ অধ্যক্ষ শৈলেন গোস্বামী, মুখপাত্ৰ দিজেন কলিতাকে ধৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মী আৰু এক শতাধিক যুৱ কৰ্মী উপস্থিত থাকে ।
Also Read: হেমকোষৰ বিশ্ব অভিলেখৰ বাবে গোলাঘাটত বিপুল সম্বৰ্ধনা জয়ন্ত বৰুৱাক...