Advertisment

আপকু'ৰ মহানগৰ জিলা সমিতি গঠন...

সাংবাদিক সংগঠন আসাম প্ৰেছ কৰেচপণ্ডেণ্টচ ইউনিয়ন চমুকৈ আপকু'ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ এখন সাধাৰণ সভা বুধবাৰে আজাৰাত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
আপকু'ৰ মহানগৰ জিলা সমিতি গঠন...

ডিজিটেল সংবাদ, পলাশবাৰীঃ সাংবাদিক সংগঠন আসাম প্ৰেছ কৰেচপণ্ডেণ্টচ ইউনিয়ন চমুকৈ আপকু'ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ এখন সাধাৰণ সভা বুধবাৰে আজাৰাত অনুষ্ঠিত হয় ।

Advertisment

জ্যেষ্ঠ সাংবাদিক ৰতন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সংগঠনৰ জ্যেষ্ঠ সদস্য ধনঞ্জয় বৰ্মনে । সভাত জিলা সমিতিখনৰ সাংগঠনিক দিশৰ লগতে অনন্য বিষয়সমূহ আলোচনা কৰা হয় ।

এই সভাতেই আগন্তুক দুটা বছৰৰ বাবে নতুন সমিতি এখন গঠন কৰা হয় । সাংবাদিক ৰতন কলিতাক সভাপতি, ধ্ৰুৱজ্যোতি কলিতাক কাৰ্যকৰী সভাপতি, কবিতা কাকতি বৰ্মনক উপ-সভাপতি, ধনঞ্জয় বৰ্মনক সম্পাদক, হিতেশ কলিতাক সহ সম্পাদক, অভিজিৎ কলিতাক সাংগঠনিক সম্পাদক হিচাপেলৈ এঘাৰ জনীয়া সমিতি গঠন কৰা হয় ।

Also Read: ঢকুৱাখনাত ৰাজহ ফাঁকিৰে চোৰাং বনজ সম্পদৰ অবৈধ সৰবৰাহ!

apcu