Advertisment

ঢকুৱাখনাত ৰাজহ ফাঁকিৰে চোৰাং বনজ সম্পদৰ অবৈধ সৰবৰাহ!

অসম আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে দৈনিক চোৰাং বনজ সম্পদৰ এক অবৈধ আৰু ৰমৰমীয়া বেহা অব্যাহত আছে ঢকুৱাখনা মহকুমাত

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ৰাজহ ফাঁকিৰে চোৰাং বনজ সম্পদৰ অবৈধ সৰবৰাহ!

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে দৈনিক চোৰাং বনজ সম্পদৰ এক অবৈধ আৰু ৰমৰমীয়া বেহা অব্যাহত আছে ঢকুৱাখনা মহকুমাত ।

Advertisment

সোৱণশিৰী নদীৰ বিভিন্ন বনজ সম্পদৰ কোৱাৰীৰ পৰা  একাংশ ডাম্পাৰৰ জৰিয়তে দিনে নিশাই এনেদৰে ৰাজহ ফাঁকি দি শিল বালি সৰবৰাহ কৰাৰ সমান্তৰাল ভাৱে একাংশ বৈধ নথিপত্ৰবিহীন মালবাহী বাহনৰ দ্বাৰা বনজ সম্পদৰ চোৰাং বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

গোগামুখ-ঘিলামৰা হৈ মাজুলী সংযোগী ৰাজ্যিক পথেৰে দৈনিক এনে অবৈধ বনজ সম্পদ ভৰ্তি ডাম্পাৰ চলাচল কৰি আহিছে আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে ।

তাৰোপৰি গৰিষ্ঠ সংখ্যক ডাম্পাৰত এনে সম্পদৰ অতিৰিক্ত বোজা বহন কৰি সৰবৰাহ কৰি ঘিলামৰা, ঢকুৱাখনা সোনাৰী চাপৰি পাৰ হৈ অবৈধ বেহা মেলি আহিছে যদিও এনে চৰকাৰী ৰাজহ লোকচানকাৰী নীতি বৰ্হিভূত বেহাত লেকাম লগাবলৈ আৰক্ষী বন বিভাগৰ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

বহু সময়ত আৰক্ষী আৰু বন বিভাগে ৰাইজক দেখুৱাবলৈ এনে দুই এখন বচা বচা অবৈধ সামগ্ৰী সৰবৰাহকাৰী ডাম্পাৰৰ নথিপত্ৰ পৰীক্ষণ কৰে যদিও পৰৱৰ্তী সময়ত অদৃশ্য শক্তিৰ বলত সেইবোৰ অবৈধ ডাম্পাৰ বৈধলৈ পৰিণত হৈ সদম্ভে লক্ষ্যস্থানলৈ গতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

ইপিনে এনে এখন নথিপত্ৰ বিহীন  ডাম্পাৰ বুধবাৰে ঘিলামৰাত দুৰ্ঘটনাত পতিত হোৱাত বন বিভাগ আৰু আৰক্ষীৰ ওপৰত সৃষ্টি হোৱা এনে আশংকা দৰাচলতে সত্যত পৰিণত হৈছে । বুধবাৰে  ঘিলামৰা তিনি আলিত এখন আলট্ৰা বাছ(এ এছ ০৭/এ চি- ২৩২১) আৰু এখন বনজ সম্পদ ভৰ্তি ডাম্পাৰ (এ এছ ২২ চি-৮৫৯৯)ৰ মাজত দুৰ্ঘটনা সংঘটিত হয় ।

পাছত পথ দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন আৰক্ষীৰ হস্তক্ষেপত ঘিলামৰা থানা চৌহদলৈ নিয়া হয় ।  লক্ষণীয় ভাবে ডাম্পাৰখনৰ পঞ্জীয়ন ফলক (নম্বৰ প্লেট) দুখন অদৃশ্যমান কৰি খুলি চালকৰ আসনৰ তলত  লুকুৱাই ৰখা পৰিলক্ষিত হয় ।

পৰৱৰ্তী সময়ত লুকুৱাই ৰখা নম্বৰ প্লেট এখন চালকে উলিয়াই দিয়ে যদিও উক্ত সময়ত ডাম্পাৰখনৰ বাধ্যতামূলক ভাবে থাকিব লগা গাড়ীৰ বীমা উপলব্ধ নোহোৱাকে ধৰি বৈধ নথিপত্ৰ উপলব্ধ নোহোৱা দেখা যায় ।

কোনো ধৰণৰ বৈধ নথিপত্ৰ অবিহনেই  ৰাজহ ফাঁকিৰে এনেদৰে যান-বাহন চলাচল কৰি থকাৰ স্বত্তেও ৰহস্যজনক কাৰণত আৰক্ষীয়ে ডাম্পাৰখন মোকোলাই দিয়া বুলি ঘিলামৰাত সৰৱ চৰ্চা চলিছে । 

চৰকাৰী ৰাজহ সংগ্ৰহৰ অন্যতম উৎস স্বৰূপ এনেবোৰ  নথিপত্ৰ বাধ্যতামূলক কৰাত আৰক্ষী আৰু বন বিভাগে প্রদর্শন কৰি অহা ভিজা মেকুৰীৰ ভাওখনে পৰোক্ষ ভাবে এনে চোৰাং বেহাখনত সাৰ পানী যোগাই অহা মহকুমাটোৰ বুলি হাটে বাটে ব্যাপক  চৰ্চা চলিছে ।

Also Read: ৰাজ্যত শেষ হ'ল জনজাতীয় উগ্ৰপন্থী সমস্যা ! DNLA ৰ সৈতে দিল্লীত স্বাক্ষৰিত হ'ল ত্ৰিপাক্ষিক শান্তি চুক্তি...

Illegal smuggling