/asomiyapratidin/media/media_files/2025/05/15/cSWMTolGWltLNHayIDN0.jpg)
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ পিছত জিলা পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ, উপাধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়াক সুচাৰুৰূপে আগবঢ়াই নিবলৈ অসম প্ৰদেশ বিজেপিয়ে এখন সাত জনীয়া কমিটী গঠন কৰি দিছে। এই কমিটীয়ে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ, উপাধ্যক্ষসকলক নিৰ্বাচিত কৰাত সহায় কৰিব।
বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ ক্ৰমে এই কমিটী গঠন কৰাৰ কথা সদৰী কৰিছে। কমিটীখনৰ সমন্বয়ক হিচাপে নৱ কুমাৰ দলেক দায়িত্ব দিয়া হৈছে।
/asomiyapratidin/media/media_files/2025/05/15/SBFz4Cr9WtiA3p1cdxD1.jpg)
কমিটীখনৰ আন সদস্যসকল ক্ৰমে ড০ ৰাজদ্বীপ ৰায়, তপন কুমাৰ গগৈ, বিজুলী কলিতা মেধি, পল্লৱ লোচন দাস, পুলক গোঁহাই আৰু দিপ্লুৰঞ্জন শৰ্মা। এই সমিতিয়ে সংশ্লিষ্ট জিলাৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা জিলাৰ সভাপতি আৰু সংশ্লিষ্টসকলৰ সৈতে আলোচনা কৰি এক গণতান্ত্ৰিক পৰম্পৰাৰে এই নিৰ্বাচনী প্ৰক্ৰিয়া আগবঢ়াই নিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us