/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e411bee8-ddf6-4511-811f-f577406aa340/forkating.jpg)
ডিজিটেল সংবাদ, ফৰকাটিং : ফৰকাটিঙৰ এখন আগশাৰী বিদ্যালয় ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্র-ছাত্রীৰ এক ব্যতিক্রমী পদক্ষেপ। বিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ শিক্ষয়িত্ৰী মানসী বৰুৱা, দৰ্শন বিভাগৰ শিক্ষয়িত্ৰী মৌনমী গগৈৰ তত্ত্বাৱধানত দ্বিতীয় বৰ্ষৰ ৪০ জনীয়া ছাত্র-ছাত্রীৰ গোটে ২৩ অক্টোবৰ দেওবাৰে ফৰকাটিং অঞ্চলৰ সাপ্তাহিক বজাৰত বিস্তৃত গৱেষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/30063b42-5e52-44c8-9c53-4212b3edeaac/ff.jpg)
উৎপাদন-বিতৰণৰ প্রক্রিয়া সন্দৰ্ভত ক্ষুদ্র ব্যৱসায়ী সকলৰ লগতে গ্রাহকসকলৰ লগত মত-বিনিময় কৰে। ব্যৱসায়ী সকলে বজাৰৰ জৰিয়তে তেওঁলোকে অৰ্থনৈতিক স্থিতিত উন্নয়ণ সাধিব পাৰিছে নে নাই সেই সন্দৰ্ভত অধ্যয়ন কৰে। ছাত্র-ছাত্ৰী সকলে বজাৰ সম্পৰ্কত তথা এখন বজাৰৰ থাকিব লগা সুযোগ-সুবিধা ওপৰত বজাৰ তত্ত্বাৱধায়ক সকলৰ লগত আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/74947436-646c-419a-8326-814100638694/fe.jpg)
কেঁচা-সামগ্রী সমূহৰ উৎপাদন পদ্ধতি তথা কোন স্থানত কিমান দৰ- দামত ক্রয়-বিক্রয় হয় সেই সন্দৰ্ভত গৱেষণা কৰাই হৈছে ছাত্র-ছাত্রীৰ মূল উদ্দেশ্য। ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শ্ৰেণীকোঠাৰ বাহিৰত কৰা ব্যৱহাৰিক শিক্ষা গ্রহণৰ এনে পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্রশংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fc00f2e9-f987-4a4f-af7e-3dad28868405/rr.jpg)