/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ বানেশ্বৰত বনকৰ্মীৰ সলিল সমাধি।বুধবাৰে ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু ঘটে কাজিৰঙাৰ এজন বনকৰ্মীৰ।
নিহত বনকৰ্মী জনৰ নাম মফি আলি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰত কৰ্মৰত আছিল বন কৰ্মীজন। নিহত মফি আলিৰ ঘৰ কলিয়াবৰৰ বৰদলংত।
বন বিভাগৰ এখন নাও ব্ৰহ্মপুত্ৰত নিখোজ হোৱাত নাও খন বিচাৰি পানীত নামিছিল বনকৰ্মীজন। তাতে তেওঁৰ সলিল সমাধি ঘটে। পিছত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
আৰু পঢ়ক: মঙলদৈত ATM সাল-সলনি কৰি লুটি নিলে ১লাখ ৭০ হাজাৰ টকা…