ধেমাজি আঞ্চলিক বন বিষয়া হিচাপে নিযুক্তি ঋতুৰাজ শৰ্মা

ধেমাজি আঞ্চলিক বন বিষয়া হিচাপে নিযুক্তি ঋতুৰাজ শৰ্মা

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ নগৰৰ ধেনুধৰাৰ মেধাৱী ছাত্র ঋতুৰাজ শৰ্মাই বুধবাৰে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ অধীনত আঞ্চলিক বন বিষয়া হিচাপে নিযুক্তি পত্ৰ লাভ কৰে। অসম লোকসেৱা আয়োগে আঞ্চলিক বন বিষয়া পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত বুধবাৰে তেওঁ আনুষ্ঠানিকভাৱে লাভ কৰে নিযুক্তি পত্ৰ।

সেই অনুসৰি তেওঁ ধেমাজি বন সংমণ্ডলৰ অধীনত আঞ্চলিক বন বিষয়া হিচাপে লাভ কৰে নিযুক্তি। ঋতুৰাজ শৰ্মা ধেনুধৰা নিবাসী,আবকাৰী বিভাগৰ পৰিদৰ্শক দুলাল শৰ্মা আৰু জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰতী দেৱীৰ সুযোগ্য পুত্ৰ।

ধেমাজি আঞ্চলিক বন বিষয়া হিচাপে নিযুক্তি ঋতুৰাজ শৰ্মা
গহপুৰত অগ্নিকাণ্ড : জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহসহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in