/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/pkpkpd.jpg)
ডিজিটেল সংবাদ, চিৰাং : শুকুৰবাৰে দিনটোত চৰকাৰী অনুজ্ঞাপত্ৰৰ আঁৰলৈ বনধ্বংস কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা চিৰাঙৰ বনবিভাগে শনিবাৰে নৈৰ বুকুত শিল বালিৰ অবৈধ খনন চলোৱা চক্ৰৰ বিৰুদ্ধে অভিযান চলায় ।
আজি দিনৰ পোহৰতে চিৰাং জিলাৰ নাঙলভাঙা নৈৰ বুকুত শিল বালিৰ মাফিয়া চক্ৰ এটাই এস্কেভেটৰেদি শিল বালিৰ অবৈধ খনন কাৰ্য চলাই থকাৰ খবৰ লাভ কৰে । খবৰ লাভ কৰি বন বিভাগৰ এটা বৃহৎ দল নাঙলভাঙা নৈৰ বুকুত খননকাৰ্য চলোৱা ঠাইত উপস্থিত হয় ।অভিযানকাৰী বনবিভাগৰ লোকক দেখি খনন কাৰ্য্য চলাই থকা এস্কেভেট (জেচিবি) এৰি থৈ চালক সহ অন্যান্য লোক সকলে পলায়ন কৰে ।
পিছত অভিযানকাৰী বনবিভাগৰ দলে এস্কেভেটৰ (জেচিবি) আৰু নৈৰ বুকুৰ পৰা বালি সংগ্ৰহ কৰা দুটা ইঞ্জিন জব্দ কৰি কাজলগাঁৱৰ বনসংমণ্ডল কাৰ্য্যালয়ত আনে । আজিৰ এই অভিযান সন্দৰ্ভত চিৰাঙৰ বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে কালিৰ দিনটোত অনুজ্ঞাপত্ৰৰ আঁৰ লৈ নীতি বহিঃভূত ভাৱে বিট কটা মিলত বনাঞ্চল ধ্বংস কৰি বৃহৎ আকাৰৰ গছ কাটি মিলত অভিযান চলোৱাৰ পিছত আজি নৈৰ বুকুত শিল বালিৰ অবৈধ খনন কাৰ্য্যৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে, অভিযান কালত এটা জেচিবি আৰু দুটা নৈৰ বুকুৰ পৰা বালি সংগ্ৰহ কৰা মেচিন জব্দ কৰা হৈছে ।
মুঠৰ ওপৰত জিলাখনত অবৈধ কামকাজৰ বিৰুদ্ধে বনবিভাগৰ অভিযান পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তোলা হব বুলি জানিবলৈ দিয়ে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us