/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jonai.jpg)
ডিজিটেল সংবাদ, জোনাই : জোনাই বন বিভাগে কালি চিয়াং নদীৰ জলপথেৰে চোৰাং কাঠ সৰবৰাহ বিৰুদ্ধে অভিযান চলায় । জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তথা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ চিয়াং নদীৰ পাৰত অবস্থিত তিনিমাইল বীটৰ খণ্ড বন বিষয়াৰ নেতৃত্বত বন সুৰক্ষা কৰ্মীয়ে চিয়াং নদীত চলোৱা এই অভিযান সময়ত চিয়াং নদীৰ জলপথেৰে যন্ত্ৰচালিত নাৱেৰে চোৰাং কাঠ সৰবৰাহ কৰা চোৰাং কাঠ মাফিয়াৰ দলৰ সৈতে মুখামুখী হয় । বন সুৰক্ষা দলে চোৰাং কাঠ সৰবৰাহ কৰা চোৰাং কাঠ মাফিয়াৰ নাও ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও চোৰাং কাঠ মাফিয়াসকলে চোৰাং কুণ্ডাৰ চালি এৰি থৈ বন সুৰক্ষা কৰ্মীৰ নিৰ্দেশ অমান্য কৰি পলায় যায় । এই সময়ত বন সুৰক্ষা কৰ্মীয়ে চোৰাং কাঠ মাফিয়ালৈ লক্ষ্য কৰি গুলি চালনা কৰে যদিও চোৰাং কাঠ মাফিয়াৰ দলটো পলাই সাৰিবলৈ সক্ষম হয় । ইপিনে এই অভিযান কালত বন সুৰক্ষা কৰ্মীৰ দলটো চিয়াং নদীৰ জলপথেৰে সৰবৰাহ কৰা কেইবা লক্ষ টকাৰ পাঁচটা চোৰাং কুণ্ডাৰ চালি জব্দ কৰে ।
উল্লেখযোগ্য যে দীৰ্ঘ বছৰ ধৰি কাঠ মাফিয়াই বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল, কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত অবস্থিত বিভিন্ন বন ভূমিৰ পৰা মূল্যৱান গছ কাটি চিয়াং-ব্ৰহ্মপুত্ৰৰ জলপথেৰে ডিব্ৰুগড় আদিলৈ সৰবৰাহ কৰি ৰমৰমীয়া চোৰাং কাঠ বেহা চলাই আহিছে ।
আৰু পঢ়ক : সমগ্ৰ ৰাজ্যত অব্যাহত আছে সৰ্বাত্মক কৰ্মবিৰতি, ধুবুৰী জিলাতো প্ৰতিবাদী কাৰ্যসূচী…