ধূপধৰাৰ পদুপাৰাত বনবিভাগৰ অভিযান : বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ টুকুৰা জব্দ…

ধূপধৰাৰ পদুপাৰাত বনবিভাগৰ অভিযান : বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ টুকুৰা জব্দ…

author-image
asomiyapratidin
New Update
ধূপধৰাৰ পদুপাৰাত বনবিভাগৰ অভিযান : বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ টুকুৰা জব্দ…

ডিজিটেল সংবাদ ধূপধৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ধূপধৰাৰ সমীপৰ পদুপাৰা গাঁৱৰ নৈৰ পৰা বনবিভাগৰ এটা দলে বুধবাৰে বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

Advertisment

জানিব পৰামতে গোৱালপাৰা ডি এফ অ'ৰ নিৰ্দেশক্ৰমে আজি ৰংজুলি, ধূপধৰা আৰু শিমলীতোলাৰ বনকৰ্মীৰ উপৰি গোৱালপাৰা প্ৰটেকচন ফৰ্চৰ গঠিত বনবিভাগৰ এটা দলে ধূপধৰাৰ সমীপৰ পদুপাৰা গাঁওত চোৰাং কাঠ মজুত কৰি ৰখাৰ বিৰুদ্ধে এক যৌথ অভিযান চলায় ৷ বন বিষয়া গৌতম গোপৰ নেতৃত্বত পদুপাৰাৰ দেওশিলা নৈত চলোৱা এই যৌথ অভিযানত দেওশিলা নৈৰ পানীত লুকুৱাই ৰখা অৱস্থাত ৪৪ টুকুৰা মূল্যবান শালগছৰ টুকুৰা আৰু অন্য চোৰাং গছৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত চোৰাং গছৰ টুকুৰাসমূহ পানীৰ পৰা উঠাই কেবাখনো বাহনত ভৰ্তি কৰাই বনবিভাগৰ দলটোৱে ধূপধৰাস্থিত কাঠ ভঁৰাললৈ আনে ৷ ইফালে জব্দ কৰা গছৰ টুকুৰাখিনিৰ বজাৰমূল্য প্ৰায় পঞ্চাশ হেজাৰ টকা হ'ব বুলি ধূপধৰা খণ্ড বন বিষয়া গৌতম গোপে জানিবলৈ দিয়ে ৷

assam DHUPDHORA Chandra Mohan Patowary FOREST DEPARTMENT