শ্ৰী ভূমিত বন বিভাগৰ অভিযান, জব্দ পাঁচখন ডাম্পাৰ

শ্ৰী ভূমিত অবৈধ ভাবে শিল সংগ্ৰহ কৰা ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। এই অভিযানত পাঁচখন ডাম্পাৰ জব্দ কৰিছে কালাইন বন বিভাগে। অবৈধ ভাবে খনন আৰু সৰবৰাহৰ অভিযোগত ডাম্পাৰ কেইখন জব্দ কৰে বন বিভাগে।

author-image
Asomiya Pratidin
New Update
ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ডিজিটেল সংবাদ শিলচৰ: শ্ৰী ভূমিত অব্যাহত আছে অবৈধ শিল সংগ্ৰহ কৰা ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। এই অভিযানত পাঁচখন ডাম্পাৰ জব্দ কৰিছে কালাইন বন বিভাগে। কালাইন শিল কুঁৱেৰিৰ  ১ নম্বৰ মহলৰ অধীনস্থ ১৫ নম্বৰ চেকছনৰ ইকো চেনছিটিভ জ'নৰ ডাম্পাৰ পাঁচখন জব্দ কৰা হয়। অবৈধ ভাবে খনন আৰু সৰবৰাহৰ অভিযোগত ডাম্পাৰ কেইখন জব্দ কৰে বন বিভাগে। এই ইকো চেনছিটিভ জ'নৰ পৰা  শিল আৰু ব'ল্ডাৰ সৰবৰাহৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা। পিছে এই নিষেধাজ্ঞাৰ পিছতো দীৰ্ঘদিন ধৰি একাংশ বন মাফিয়াই কালাইন শিল কোঁৱেৰিৰ পৰা অবৈধ ভাবে শিল আৰু বল্ডাৰ সংগ্ৰহ কৰি আহিছিল।‌ একাংশ বন বিভাগৰ কৰ্মীৰ প্ৰত্যক্ষ সহযোগতে বন মাফিয়াই দীৰ্ঘদিন ধৰি ইকো চেনছিটিভ জ'নৰ পৰা শিল আৰু বল্ডাৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত এই বন মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই কালাইন শিল কোঁৱেৰিৰ পৰা জব্দ কৰা হয়  ডাম্পাৰ পাঁচখন। বৰ্তমান কালাইন বন বিভাগৰ অন্তৰ্গত শিয়ালটেক বিট অফিচত ৰখা হৈছে ডাম্পাৰ কেইখন। জব্দ কৰা ডাম্পাৰ আৰু অবৈধ শিলৰ ব্যৱসায়ীৰ বিৰুদ্ধে সংশ্লিষ্ট আইন অনুসৰি  কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও‌ জানিবলৈ দিয়ে বন বিভাগে।

assam forest department dumper forest department of assam FOREST DEPARTMENT Silchar