/asomiyapratidin/media/media_files/2025/05/24/Sn5rG2gWXiwyJVT9rUyo.jpg)
বন বিভাগৰ অভিযান, জব্দ অবৈধ কাঠফলা মিল
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী বন বিভাগৰ ডিএফঅ' গোলাপ কুমাৰ বানিয়াৰ নিৰ্দেশ মতে সাপটগ্ৰাম বন কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বন বিষয়া সাহাবাজ চুলতানৰ নেতৃত্বত শনিবাৰে সাপটগ্ৰাম বন কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে ধুবুৰীৰ বোৱালকামৰি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰে।
বন বিভাগৰ অভিযানকাৰী দলটোৱে অভিযান চলোৱাৰ খবৰ পাই চোৰাং কাঠৰ বেপাৰীৰ দলটো পলাই যায়। আনহাতে, চোৰাং কাঠৰ সৰৱৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ দলটোৰ এই অভিযান এক বৃহৎ সফলতা বুলি কোৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us