/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/610b8528-d9e0-4d67-9c0d-ef6f7566810c/cigarettes.jpg)
ডিজিটেল সংবাদ, শিলচৰ : সম্প্ৰতি অবৈধ বিদেশী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিনত হৈছে কাছাৰ জিলা ৷ ম্যানমাৰৰ পৰা মিজোৰাম হৈ কাছাৰ জিলাৰ মাজেৰে অবৈধ বিদেশী সামগ্ৰী সৰবৰাহ কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে ৷ এইদৰে গোপনে সৰবৰাহ কৰাৰ সময়ত মঙলবাৰে নিশা কাছাৰৰ ধলাইত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে ধলাই আৰক্ষীয়ে ৷
ধলাই থানাৰ আৰক্ষী মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা মিজোৰাম - শিলচৰ অভিমূখী দুখন যাত্ৰীবাহী চুম' বাহনত তালাচী চলাই জব্দ কৰে চিগাৰেট খিনি ৷ গোপনে সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে ২৪ কাৰ্টন বিদেশী চিগাৰেট ৷ MZ-05-A-4211 আৰু MZ-01-N-1677 নম্বৰৰ চুম' দুখনৰ পৰা জব্দ কৰা হয় চিগাৰেটখিনি ৷ মিজোৰামৰ পৰা অবৈধ ভাবে সৰবৰাহ কৰাৰ সময়ত ধলাইত জব্দ কৰা হয় এই চিগাৰেটখিনি ৷
চিগাৰেটৰ সৈতে আটক কৰা হয় দুজন সৰবৰাহকাৰীক ৷ ধৃত লোক দুজন কৰিমগঞ্জ নিলাম বজাৰৰ আব্দুল হাই আৰু আইজলৰ মহম্মদ কে একলাছ বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা চিগাৰেট খিনিৰ মুল্য কেইবা লাখ টকা হ'ব বুলি আৰক্ষীৰ অনুমান ৷ বৰ্তমান ধৃত সৰবৰাহকাৰী দ্বয়ক থানাত জেৰা কৰি থকা হৈছে ৷