অসম কৃষি বিশ্ববিদ্যালয়ত ঘাঁহ দিৱস পালন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সৰ্ব ভাৰতীয় সমন্বয়ৰক্ষী ঘাঁহ গৱেষণা প্ৰকল্পৰ যোৰহাট কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে ' ঘাঁহ দিৱস ' পালন কৰা হয় ।
forage day agu
forage day agu

ডিজিটেল সংবাদ, যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সৰ্ব ভাৰতীয় সমন্বয়ৰক্ষী ঘাঁহ গৱেষণা প্ৰকল্পৰ যোৰহাট কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে ' ঘাঁহ দিৱস ' পালন কৰা হয় ।বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদৰ নিৰ্দেশমুলক তথা গৱেষণা পামত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষি অনুষদৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই ভাষণ প্ৰসংগত কয় যে কৃষকৰ মাজলৈ ঘাহশস্যক নি জনপ্ৰিয় কৰা আৰু ঘাঁহক ব্যৱসায়িক শস্য হিচাপে খেতি কৰি উত্তৰণ ঘটালে গো পালক সকলৰ সামগ্ৰিক উত্তৰণ হয় ।

সেয়ে গাখীৰৰ উৎপাদন বৃদ্ধিত সহায়ক হোৱাকৈ সমবায় ভিত্তিত গো পালন কৰিলে বিক্ৰী তথা চৰকাৰী সুবিধা আৰু মুলধন লাভত সহায়ক হ'ব পাৰে ।সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাঁহ গৱেষণা প্ৰকল্পৰ প্ৰধান বিজ্ঞানী ড° সেউজী বৰা নেওগে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত প্ৰকল্পটোৰ সৈতে সুদীৰ্ঘ সময় জৰিত প্ৰধান বিজ্ঞানী ড° কৰুণাকান্ত শৰ্মাই প্ৰকল্পটোৰ উত্তৰণৰ বিষয়ে সবিশেষ বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ মুৰব্বী ড° কল্যাণ পাঠকে ভাষণত ক্ষুদ্ৰ তথা উপান্ত খেতিয়কৰ মাজত ঘাহঁশস্যৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি নতুন নতুন জাতৰ ঘাঁহ তথা নতুন প্ৰযুক্তি ৰ সৈতে যথেষ্ট উন্নতি কৰিব পৰা যায় বুলি আশা ব্যক্ত কৰে ।

এই অনুষ্ঠানত উদ্ভিদ প্ৰজনন আৰু বংশগতিতত্ব বিভাগৰ মুৰব্বী ড° কিশোৰ কুমাৰ শৰ্মা , ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, প্ৰধান বিজ্ঞানী ড° খগেন কুৰ্মী ,মুৰব্বী অধ্যাপক ড° পুণ্য গগৈ খনিকৰ , স্থানীয় গাওবুঢ়া ভূৱন গগৈ প্ৰমুখ্যে কেবাজনো অধ্যাপক , বিজ্ঞানী আৰু বিভাগীয় বিষয়া কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে ।তদুপৰি দিৱস উপলক্ষে নিৰ্বাচিত গো পালক তথা ঘাহঁ খেতিয়কৰ সৈতে বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানৰ লগতে নিৰ্দেশমুলক তথা গৱেষণা পাম পৰিদৰ্শন কৰোৱা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in