পোন প্ৰথমবাৰৰ বাবে পানেৰী চাহ বাগিছাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক...

দেওবাৰে ওডালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব অসম মন্ত্ৰালয়ৰ ৰাজ্যিক কেবিনেট সভা । অসমৰ চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে গ্ৰহণ কৰা হৈছে এনে সিদ্ধান্ত
পানেৰী চাহ বাগিচা
পানেৰী চাহ বাগিচা

ডিজিটেল ডেস্কঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সভা অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে । পিছে এইবাৰ কাৰ্যলয়ৰ পৰিৱৰ্তে কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব এখন চাহ বাগিছাত । অসমৰ চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

দেওবাৰে ওডালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব অসম মন্ত্ৰালয়ৰ ৰাজ্যিক কেবিনেট সভা । ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে চাহ বাগিচাত অনুষ্ঠিত হ’ব হিমন্ত কেবিনেটৰ বৈঠক । অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি পানেৰীত সন্ধিয়া ৬ বজাৰ অনুষ্ঠিত হ’ব এই বৈঠক ।

আজিৰ কেবিনেট অনুষ্ঠিত হ’বলগীয়া মেকলিয়ড ৰাছেলৰ মালিকানাধীন পানেৰী টি গাৰ্ডেনৰ ক্লাবটো ব্ৰিটিছ যুগতে প্ৰতিষ্ঠা হোৱা ৰাজ্যখনৰ অন্যতম পুৰণি ক্লাব ।

ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই আদিবাসী, বড়োসহ বিভিন্ন ভাষা-ভাষী অসমীয়াৰ আৱাসভূমি পানেৰীত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথাই স্বাভাবিকতে সাধাৰণ জনতাৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে ।

পানেৰী চাহ বাগিচা
মিনাৰেল পানীৰ বটল ক্ৰয় কৰি খোৱাৰ পূৰ্বেই অতিকৈ সাৱধান হওক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in