লামডিঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্নামেন্ট...

লামডিঙত ফুটবলৰ জ্বৰ ৷ ফুটবলপ্ৰেমীৰ বাবে লামডিঙত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবুল টুৰ্নামেন্ট ৷
লামডিঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্নামেন্ট...

ডিজিটেল সংবাদ, লামডিং:- লামডিঙত ফুটবলৰ জ্বৰ ৷ ফুটবলপ্ৰেমীৰ বাবে লামডিঙত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবুল টুৰ্নামেন্ট ৷ দেশৰ আগশাৰী ফুটবল দলে অংশগ্ৰহন কৰিব এই টুৰ্নামেন্টত ৷

ৰেলনগৰী লামডিঙত ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হবলৈ গৈ আছে নৈশ ফুটবল প্ৰতিযোগিতা ৷ লামডিঙৰ শ্বেলী ন্যাসৰ উদ্যোগত সদৌ ভাৰতৰ ভিক্তিত চলিব এই প্ৰতিযোগিতাখন ৷

সদৌ ভাৰত ৰিপাব্লিক কাপ নামেৰে চলিব লগা এই ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব লামডিঙৰ বিবেকানন্দ ৰেলৱে খেল পথাৰত ৷ উদ্যোগতাসকলে জানিব দিয়া মতে অসমৰ বিভিন্ন দলৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যৰ ফুটবল দলে অংশ গ্ৰহণ কৰাৰ লগতে আমাৰ দেশৰ বহু কেইটা খ্যাতি নাম সম্পন্ন দলেও অংশ ল'ব ৷

তাৰ ভিতৰতে আৰিয়ান কলকাতা, এ এচ ইবি অসম, গ্ৰীণ ফিল্ড এফচি আইজল, নৰ্থ ইষ্ট ইউনাইটেড, হিলচ্ ইউাইটেড, শিলিগুড়ী এছ এছ বি কে ধৰি বিভন্ন নামি দামী ফুটবল দলৰ অংশ গ্ৰহণে ঐতিহ্যমণ্ডিত কৰি তুলিব এই প্ৰতিযোগিতাখন ৷

আৰু পঢ়ক: ভাৰত জোড়ো যাত্ৰাত আজি দেখা যাব কেৱল মহিলাসকলক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in