
ডিজিটেল সংবাদ, বোকাখাত : গোলাঘাট জিলাৰ ভিতৰতেই শিক্ষা-সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগৰণুৱা বুলি পৰিচয় থকা কুৰুৱাবাহীত বিগত ৫০ বছৰে নিয়মীয়াকৈ অনুষ্ঠিত হৈ আছে এখন ফুটবল প্ৰতিযোগিতা।
কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কুৰুৱাবাহী যুৱক সংঘৰ সৌজন্যত নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা প্ৰয়াত হেম বৰা আৰু অৰুণ বৰা স্মৃতি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাখনে ৰাইজৰ মৰমৰ মাজেৰে আহি গৌৰৱোজ্জ্বল ৬০ বছৰত খোজ পেলাইছে।
উল্লেখ্য যে, হেম বৰা আৰু অৰুণ বৰাৰ স্মৃতিত উক্ত প্ৰতিযোগিতাখন নিয়মীয়াকৈ অনুষ্ঠিত হৈ আহিছে । প্ৰয়াত হেম বৰুৱা আছিল একেধাৰে আধুনিক কুৰুৱাবাহীৰ অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধী কল্যানকামী সভাৰ সম্পাদক লগতে সত্ৰীয়া সামন্তবাদ ব্যৱস্থা বিৰোধী বলিষ্ঠ কণ্ঠ, ফুটবল সংগঠক, এজন বিশিষ্ট ফুটবলাৰ, কুৰুৱাবাহী যুৱক সংঘৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম আৰু বিভিন্ন পদ্ধতিগত সামাজিক কৰ্মৰ ক্ষেত্ৰত আগৰণুৱা লগতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এসময়ৰ একনিষ্ঠ কৰ্মী।
অন্যহাতে অৰুণ বৰা আছিল ৰজাবাৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক, বিশিষ্ট ফুটবলাৰ তথা এসময়ৰ সক্ৰিয় সামাজিক কৰ্মী।
এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ স্মৃতিত আয়োজিত আৰু ৬০ বছৰত ভৰি দিয়া ঐতিহাসিক ফুটবল প্ৰতিযোগিতাখনৰ শনিবাৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ২০২২ বৰ্ষৰ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধনী কৰে। প্ৰতিযোগিতাখনত দহটাৰো অধিক দলে অংশগ্ৰহন কৰিব ।
স্থানীয় ফুটবল দল গোটোং এফ চি আৰু ৰাংচালী ৱাচুং দলে অংশ লোৱা উদ্বোধনী খেলেৰে প্ৰতিযোগিতাৰ আৰম্ভণী কৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তুতুমণি সন্দিকৈয়ে।
প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী বলো বৰা, প্ৰখ্যাত ঢুলীয়া ওজা ধনেশ্বৰ শইকীয়া, দীপক বৰা, দুলাল বৰা, কুৰুৱাবাহী যুৱক সংঘৰ কৰ্মীবৃন্দকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
শনিবাৰৰ গোতোং এফ চি বনাম ৰাংচালী ৱাচুং দলৰ মাজত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ প্ৰথমখন খেলত ২-০ গ'লত জয়লাভ কৰে ৰাংচালী ৱাচুঙে।