অৱসৰ গ্ৰহণ কৰিলে বিশ্ব বিখ্যাত ফুটবল ক্লাব বাৰ্ছিলোনাৰ তাৰকা খেলুৱৈ জেৰাৰ্ড পিকেই

অৱসৰ গ্ৰহণ কৰিলে বিশ্ব বিখ্যাত ফুটবল ক্লাব বাৰ্ছিলোনাৰ তাৰকা খেলুৱৈ জেৰাৰ্ড পিকেই

ডিজিটেল ডেস্ক : বিশ্ব বিখ্যাত ফুটবল ক্লাব বাৰ্ছিলোনাৰ ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ সকলৰ ভিতৰত অন্যতম জেৰাৰ্ড পিকেই শনিবাৰে নিশা অৱসৰ গ্ৰহণ কৰে খেলুৱৈ জীৱনৰ পৰা । বাৰ্ছিলোনাৰ ইতিহাসত ৩০ টা কৈ খিতাপ জয়ী খেলুৱৈ জনে প্ৰায় ৯২ হাজাৰ দৰ্শকৰ সন্মুখত অশ্ৰুসিক্ত নয়নেৰে বিদায় মাগে । বাৰ্ছিলোনাৰ হৈ ৬০০ ৰো অধিক খেলত অংশগ্ৰহণ কৰা খেলুৱৈ জনে ১০ বছৰ বয়সতেই বাৰ্ছিলোনা একাডেমীত আৰম্ভ কৰিছিল খেলুৱৈ জীৱন ।

তাৰ পাছৰে পৰাই দলটিৰ উত্থান-পতন সকলোতেই সংগী আছিল খেলুৱৈ জন । ৩৫ বছৰ বয়সত খেলুৱৈ জীৱনৰ অন্তিমখন খেলত অংশগ্ৰহণ কৰি ৮৮ মিনিটলৈ পূৰব্ৰ পৰাক্ৰমেৰেই যুঁজ দিয়ে খেলুৱৈ জনে । বাৰ্ছিলোনাৰ চেন্টাৰ বেক ডিফেণ্ডাৰ ৰূপে জনপ্ৰিয় যুটি আছিল পুয়ল আৰু পিকে । ২০১৪ বৰ্ষত পুয়লে অৱসৰ গ্ৰহণ কৰাৰ পাছত বাৰ্ছিলোনাৰ দৰে বিশ্ব বিখ্যাত ক্লাব এটিৰ দুৰ্গ ৰক্ষাৰ দ্বায়িত্ব পালন কৰি আহিছিল পিকেই ।

পুয়লৰ পাছত একাদিক্ৰমে বাৰ্ছিলোনাৰ ২০০৯ বৰ্ষৰ কিংবদন্তী দলটিৰ সকলো খেলুৱৈয়ে এজনৰ পাছত আন এজনকৈ অৱসৰ গ্ৰহণ কৰিছিল সকলোৱে । ৰাইট ৱিঙৰ খেলুৱৈ লিয়নেল মেছিয়ে শেহতীয়াকৈ বাৰ্ছিলোনাৰ পৰা ফ্ৰান্সৰ পেৰিছ-ছেইন্ট জাৰ্মান দললৈ যোৱাৰ পাছতেই দলটিত ৰৈছিল মাথো পিকে । অৱশেষত পিকেই অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া কেৱল স্মৃতি বিপক্ষৰ বাবে ত্ৰাস সৃষ্টিকাৰী দলটি ।

উল্লেখ্য যে, খেলুৱৈ হিচাপে অৱসৰ গ্ৰহণ কৰিলেও পৰৱৰ্তী সভাপতি ৰূপে উভতি অহাৰ পূৰ্ণ সম্ভাৱনা আছে খেলুৱৈ জনৰ । শনিবাৰে খেলপথাৰ ত্যাগ কৰা সময়ত খেলুৱৈ জনক সকলো দৰ্শকে স্পেনিছ ভাষাত 'সভাপতি' আখ্যা দি বিদায় জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in