/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/janya.jpg)
ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত অহা ১০ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ৩৮ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা । ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্দাপাৰা জনতা সংঘৰ ক্ৰীড়া ভূমিত জনতা সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা ফুটবল প্ৰতিযোগিতাৰ পুৰস্কাৰ পুৰণমল মেম'ৰিয়েল ফাণ্ডে আগবঢ়াব বুলি জনতা সংঘৰ সভাপতি ধীৰেশ দাস আৰু সম্পাদক দিলীপ কুমাৰ দাসে জনাইছে ।
প্ৰতিযোগিতা অসম ফুটবল সন্থাৰ নীতি-নিয়ম অনুযায়ী অনুষ্ঠিত হ'ব আৰু পঞ্জীয়ন ভুক্ত ফুটবল দলেহে অংশ গ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা ফুটবল দল সমূহক জনতা সংঘৰ ক্ৰীড়া সম্পাদক ক্ৰমে — বিজয় বড়ো আৰু মুনিন্দ্ৰ দৈমাৰীয়ে ৬০০০৬-০৬৫১৬ নাইবা ৭০০২১-৭২১৩৮ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
আৰু পঢ়ক: পিংকুক কিয়, কেনেকৈ কৌশলেৰে মাতি নি হত্যা কৰিছিল বন্ধুয়ে…