বাক্সাত আন্তঃজিলা ছিনিয়ৰ চেম্পিয়নশ্বিপ ট্ৰফী, গুৱাহাটী সন্থাই লাভ কৰিলে চেম্পিয়নশ্বিপ

অসম ফুটবল সন্থাৰ উদ্যোগত বাক্সা জিলাৰ শালবাৰীত চলি থকা ৭০ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ চেম্পিয়নশ্বিপ ট্ৰফী ফুটবল বুধবাৰে শালবাৰী ষ্টেডিয়ামত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বাক্সাত আন্তঃজিলা ছিনিয়ৰ চেম্পিয়নশ্বিপ ট্ৰফী, গুৱাহাটী সন্থাই লাভ কৰিলে চেম্পিয়নশ্বিপ

football

ডিজিটেল সংবাদ, শালবাৰী: অসম ফুটবল সন্থাৰ উদ্যোগত বাক্সা জিলাৰ শালবাৰীত চলি থকা ৭০ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ চেম্পিয়নশ্বিপ ট্ৰফী ফুটবল বুধবাৰে শালবাৰী ষ্টেডিয়ামত অনুষ্ঠিত হয়। আজিৰ ফাইনেল খেলত গুৱাহাটী ক্ৰীড়া সন্থাই চেম্পিয়নশ্বিপ অৰ্জন কৰে।

কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক ২-০ গ'লত পৰাজিত কৰি গুৱাহাটী ক্ৰীড়া সন্থাই ফাইনেলত বিজয়ী হৈ চেম্পিয়নশ্বিপ অৰ্জন কৰে। বিজয়ী দলৰ হৈ বিজয়ী সূচক গ'ল দুটা স্ক'ৰ কৰে ক্ৰমে - দিগন্ত বৰদলৈ আৰু অৰ্জুন মাৰ্তিয়ে।

বিজয়ী দলৰ বিশাল ছাহুৱে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ ৰিতুৰাজ মহনে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। আজিৰ ফাইনেল খেলখন আৰম্ভণিতে উদ্বোধন কৰে অসম ফুটবল সন্থাৰ উপ সভাপতি ৰমেশ ফুকনে।

assam baksa