/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/uriamghat-29.jpg)
ডিজিটেল সংবাদ উৰিয়ামঘাটঃ গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ধনশিৰি মহকুমাৰ জয়ন্তীপুৰ খেলপথাৰত গোলাঘাট জিলা আন্তঃআঞ্চলিক ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।শুভাৰম্ভণি খেলখন উদ্বোধন কৰে বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধক্ষ্য গাম্বাৰু মুছাহাৰীয়ে ।
উৰিয়ামঘাট ৰেংমা আঞ্চলিক বনাম নামবৰ আঞ্চলিকৰ মাজত অনুস্থিত চুড়ান্ত খেলখন উদ্বোধন কৰি বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে পৰিষদে কয় যে- অন্যান্য বিভাগৰ উপৰিও ক্ৰীড়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব লোৱাৰ বিষয়ে অবগত কৰে আৰু পৰিষদৰ অন্তৰ্গত বড়ো গাঁওসমূহৰ ক্লাব আৰু যুৱ সংঘ সমূহক পঞ্জীয়ন কৰিবৰ বাবে আহ্বান জনায়।
বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ সমষ্টিৰ কেবাখনো খেলপথাৰক উন্নত মানদণ্ডৰে ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ গ্ৰহণৰ বিষয়েও অৱগত কৰে । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত খেলত সীমান্ত দণ্ডাধীশ প্ৰানঞ্জীল গগৈ,নৱজ্যোতি জিলা পৰিষদৰ সদস্যা ববিতা নাৰ্জাৰী, প্ৰাক্তন এবছু নেতা কাষ্টম বসুমতাৰী, গোলাঘাট জিলা এবছুৰ সভাপতি নিলেশ্বৰ ব্ৰহ্ম, উপদেষ্টা চিমাং বসুমতাৰী, সাধাৰন সম্পাদক প্ৰদীপ বসুমতাৰী, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়া, সম্পাদক ৰক্তিম হাজৰিকা, ধনশিৰি জিলা বড়ো সাহিত্য সভাৰ সম্পাদক বিনন্দ বডোছা, ইউ বি পি অ'ৰ গোলাঘাট জিলা সম্পাদক পবিত্ৰ খাখলাৰী আৰু ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে।
উল্লেখ্য যে মুঠ চাৰিটা দলে অংশ গ্ৰহণ কৰা খেলৰ চুড়ান্ত খেলত উৰিয়ামঘাট ৰেংমা আঞ্চলিক ফুটবল একাদশকে নামবৰ একাদশক ৬-০ গ'লত পৰাস্ত কৰি বিজয়ী সন্মান লাভ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us