ঘিলামৰা থানাত খকুৱা আৰক্ষীৰ দপদপনি...

ঘিলামৰা থানাত খকুৱা আৰক্ষীৰ দপদপনি...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম আৰক্ষীৰ নাক কাটিছে একাংশ অৰ্থলোভী আৰক্ষীয়ে। ঢকুৱাখনা মহকুমা আৰক্ষীও এই নাক কটা অভিযানত পাছ পৰি থকা নাই । কিছুদিন পূৰ্বে ঢকুৱাখনা সদৰ থানাৰ ট্ৰেফিক আৰক্ষী দীপক দত্তৰ অৰ্থলোভী চৰিত্ৰ ফাদিল হোৱাৰ পাছত এইবাৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শকৰ নগ্ন স্বৰূপ উন্মোচিত হৈছে।

এইজন ঘিলামৰা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক নৱজিৎ দেউৰী। ঘিলামৰা আৰক্ষী থানাত  যোগদান কৰাৰ পাছৰেপৰা  বক্র পথেৰে ধন সংগ্ৰহ কৰাত যথেষ্ট নাম কিনিছে এইজন অৰ্থলোভী আৰক্ষী বিষয়াই। পদোন্নতি সূত্ৰে ঘিলামৰাত কেইমাহ মানৰ পূৰ্বে যোগদান কৰা এইজন আৰক্ষীৰ দপদপনিত অতিষ্ঠ ৰাইজ।

গোচৰ নিস্পতিৰ নামত, গোচৰ নোলোৱাৰ নামত ৰাইজক টেঁটু চেঁপা দি ,একাংশ বেটেলিয়ানৰ জৰিয়তে মাৰপিত ,ভয় ভাবুকিৰে অবৈধ ধন সংগ্ৰহ কৰাত সিদ্ধহস্ত এইজন আৰক্ষী। এশ গৰু মাৰিলে বাঘৰো মৰণ । এই কথা প্ৰমাণিত হল এইজন খকুৱা আৰক্ষীৰ ক্ষেত্ৰত।

এইবাৰ এইজন আৰক্ষীযে শুক্ৰবাৰে ঘিলামৰা থানাৰ চৌহদতে এই উৎকোচ সংগ্ৰহৰ নিকৃষ্ট  কাণ্ড সংঘটিত কৰিবলৈ মৰসাহ কৰিলে। বেতনৰ ধনেৰে নোজোৰা এইজন খকুৱা আৰক্ষীয়ে এগৰাকী বাহনৰ গৰাকীৰ পৰা গোচৰ নিস্পতিৰ নামত ,জব্দকৃত লাইচেন্স ঘূৰাই দিয়াৰ বাবদ অসৎ উপায়েৰে ধন সংগ্ৰহ কৰাৰ ভিডিঅ পোহৰলৈ আহিছে।

সামাজিক মাধ্যমত বিয়পি পৰা এই ঘৃণনীয় কাণ্ডত লজ্জিত হ'ব লগা হৈছে লখিমপুৰ জিলা আৰক্ষী। খাকী পোচাকধাৰী ৰক্ষকৰ এই নির্লজ ভক্ষকৰ ৰূপ দেখি স্তম্ভিত ঘিলামৰাবাসী।

এগৰাকী এ .এছ .আইৰ এনে কমিচনভোগী চৰিত্ৰ সন্দৰ্ভত  লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে সমগ্ৰ ঘিলামৰাবাসী ৰাইজে। আৰক্ষীৰ তদন্তৰ পাছত প্ৰকৃত বহু তথ্য উদ্ঘাটন হোৱাৰ আশা আছে । ডকাইতৰ ৰূপত অৱতীৰ্ণ হোৱা এইগৰাকী সহকাৰী উপ পৰিদৰ্শকৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী আৰু জিলা আৰক্ষীয়ে কি কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in