কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ শেহতীয়া সংযোজন লোকবাদ্য সংগ্ৰহালয়...

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ শেহতীয়া সংযোজন লোকবাদ্য সংগ্ৰহালয়...

ডিজিটেল সংবাদ, বোকাখাত : কাজিৰঙা জাতীয় অৰ্কিড উদ্যান বুলি ক'লেই সাধাৰণতে মানুহৰ মনলৈ ভিন্ন ৰঙী দেশী বিদেশী অৰ্কিডৰ এটা ধাৰণা মনলৈ আহে। লগতে অৰ্কিড উদ্যানত খনত পৰিবেশীত বিভিন্ন লোকগীত, লোক বা জনজাতীয় নৃত্য আদিৰ প্ৰসংগও।

কেৱল সেয়াই নহয় কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে সামৰি লৈছে বনৌষধি বাগিছা, থলুৱা ধানৰ বীজ সংৰক্ষণৰ ব্যৱস্থা, লোক সম্পদ সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থাকে আদি কৰি ভালেমান প্ৰসংশনীয় পদক্ষেপ।

ইয়াৰ সমান্তৰাল ভাৱে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ শেহতীয়াকৈ সংযোজন কৰা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ লোকবাদ্য সমুহৰ এটি আটক ধুনীয়া সংগ্ৰহালয়।

শিৱসাগৰ নিমাইজানৰ বিশিষ্ট লোকবাদ্য শিল্পী তথা লোক সংস্কৃতিৰ জগতখনত নিয়মীয়াকৈ কাম কাজ অব্যাহত ৰখা দ্বিজেন গগৈ আৰু কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ উদ্যোগত আৰম্ভ কৰা এই লোক বাদ্যৰ সংগ্ৰহালয়টোৰ নাম ৰখা হৈছে "লোকশিল্পী দ্বিজেন গগৈ লোকবাদ্য সংগ্ৰহালয়।

চলিত বৰ্ষৰ ছয় আগষ্টৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা এই সংগ্ৰহালয়টোত বৰ্তমান এশৰো অধিক লোকবাদ্য সংগ্ৰহ ৰাখিছে জাতীয় অৰ্কিড উদ্যান কৰ্তৃপক্ষই। সংগ্ৰহালয়টোত ৰখা বিভিন্ন ধৰণৰ পেঁপা, বাঁহী, টকা, টোকাৰী, দোটৰা, ঢোল, খোল, তাল, নেগাৰা, গগনা, বাঘ ধেনু আদিয়ে বিপুল সমাদৰ লাভ কৰিছে দেশী বিদেশী পৰ্যটকৰ।

উল্লেখযোগ্য যে, অৰ্কিড উদ্যানখনত শেহতীয়াকৈ সংযোজন কৰা এই লোকবাদ্যৰ সংগ্ৰহালয়টোত দেশী বিদেশী পৰ্যটক, বিদ্যালয়ৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে অনাগত সময়ত আলোচনা চক্ৰ আদিৰ ব্যৱস্থাও কৰা হ'ব বুলি জানিবলৈ দিয়ে লোকবাদ্য সংগ্ৰহালয়টোৰ এজন তত্বাৱধায়ক মনোৰঞ্জন ডেকাফুকনে। লগতে আগ্ৰহী লোকৰ বাবে লোকবাদ্য বিক্ৰীৰ ব্যৱস্থাও সোনকালেই কৰা হ'ব বুলি জানিবলৈ দিয়ে তত্বাৱধায়ক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in