১২৩ কোটি টকাৰ বান সাহায্য ঘোষণাঃ গাঁৱত নাথাকিব বাৰ, থাকিব কেৱল সুৰাৰ বিপনী…

১২৩ কোটি টকাৰ বান সাহায্য ঘোষণাঃ গাঁৱত নাথাকিব বাৰ, থাকিব কেৱল সুৰাৰ বিপনী…

author-image
asomiyapratidin
New Update
১২৩ কোটি টকাৰ বান সাহায্য ঘোষণাঃ গাঁৱত নাথাকিব বাৰ, থাকিব কেৱল সুৰাৰ বিপনী…

ডিজিটেল ডেস্ক: ৮ আগষ্ট, সোমবাৰে হৈ যোৱা ৰাজ্যিক কেবিনট বৈঠকত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । চলিত বৰ্ষৰ বিধ্বংসী বানে যিসকল লোকৰ বাসগৃহ উটুৱাই নিছিল অথবা ক্ষতিগ্ৰস্থ কৰিছিল তেওঁলোকৰ বাবে আগষ্টৰ ২০ তাৰিখে চৰকাৰে মুকলি কৰি দিব ১২৩ কোটিটকীয়া বান সাহায্য ।

Advertisment

চৰকাৰে ক্ষতিগ্ৰস্থ ব্যক্তিৰ বেংক একাউন্টত জমা কৰিব এই ধন । ইতিমধ্যে ৫,৫৩২ টা বাসগৃহ সম্পূৰ্নৰুপে ধ্বংস অথবা গুৰুতৰভাৱে ক্ষতিগ্ৰস্থ হৈছিল বুলি সংবাদ মেলত উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

পাহাৰীয়া এলেকাত ক্ষতিগ্ৰস্থ হোৱা এনে প্ৰত্যেকটো গৃহৰ বাবদ ব্যক্তিজনে ১.০১ লাখ টকা আনহাতে সমতল এলেকাত ক্ষতিগ্ৰস্থ হোৱা গৃহৰ বাবদ প্ৰতিজন ব্যক্তিয়ে ৯৫ হাজাৰ টকা লাভ কৰিব বুলিও জনাই মন্ত্ৰীজনে ।

সোমবাৰে হৈ যোৱা কেবিনেট বৈথকত "অসম লজিষ্টিক পলিচি, ২০২২" ক ৰাজ্যৰ সামগ্ৰিক উদ্যোগিক উন্নয়নৰ বাবে সন্মতি প্ৰদান কৰে কেবিনেটে । এই সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই অসমত উদ্যোগ স্হাপন কৰিবলৈ বিছৰা সকলোকে এক সুস্হ পৰিৱেশ এই আঁচনিখনে প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

আনহাতে, অসম মটৰ ভেহিকেল আইন, ২০০৩ ৰো সংশোধন কৰে কেবিনেটে । এই সংশোধনী অনুসৰি, জব্দ কৰা যান-বাহন ৯০ দিনৰ ভিতৰত মোকলাই নিনিলে, কৰ্তৃপক্ষই নিলাম কৰিব পাৰে এনে বাহন ।

পেন্সনাৰ সকলৰ বাবেও সকাহ আনিছে সোমবাৰৰ এই কেবিনেট বৈঠকে । ইয়াৰ পূৰ্বে পেন্সনাৰ এজনৰ মৃত্যুৰ পাছত অৱশিষ্ট পেন্সন প্ৰাপ্তিৰ ক্ষেত্ৰত আছিল আসোঁৱাহ । সোমবাৰৰ কেবিনেট বৈঠকে দূৰ কৰে এই আসোঁৱাহসমূহ ।

ৰাজ্যৰ ৰাজহ বিভাগলৈও আহিছে পৰিৱৰ্তন । কেবিনেটে জিলা উপায়ুক্তসমূহক গ্রামাঞ্চলৰ বাৰ সমূহক ৪৫ দিনৰ ভিতৰত কেৱল সুৰাৰ বিপনী হিচাবেহে কাৰ্যক্ষম অৱস্থাত আনিবলৈ নিৰ্দেশ দিছে । অৰ্থাৎ অহা ৪৫ দিনৰ পাছত গ্রামাঞ্চলত থকা বাৰ সমূহৰ অনলাইন লাইচেন্স বাতিল হৈ অফলাইন হ'ব ।

গুৱাহাটী মহানগৰ উন্নয়ন সমিতি আইন, ১৯৮৫ ক পুনৰ এবাৰ সোঁৱৰাই দিয়ে সোমবাৰৰ কেবিনেট বৈঠকে । এই আইনৰ মতে, গুৱাহাটী মহানগৰত মেট্ৰ'ৰ চলাচলৰ পৰিকল্পনা কৰা হৈছিল ।

উল্লেখ্য যে, পঞ্চায়তসমূহত সহকাৰী শাখা উন্নয়ন বিষয়াসকল দুটা ভাগত বিভক্ত পঞ্চায়ত আৰু মহিলা ও শিশু । পূৰ্বৰ ১৭ বছৰৰ বিপৰিতে এতিয়াৰ পৰা ১৩ বছৰত বিষয়াসকলে লাভ কৰিব পদোন্নতি ।

আৰু পঢ়ক : এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণাঃ বিৰাট, ৰাহুলৰ প্ৰত্যাৱৰ্তন…

assam bjp assam govt ASSAM CABINET