/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/bann.jpg)
ডিজিটেল সংবাদ,নগাঁও : সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনে শাখা সমূহৰ সহযোগত দেওবাৰে কপিলী,নিশাৰী আৰু বৰপানী নদীৰ বানে বিধ্বস্ত কৰা কামপুৰৰ বান শিবিৰত বান সাহাৰ্য প্ৰদান কৰে।ৰাজপথ-মথাউৰিত শিবিৰ পাতি দূৰ্বিসহ জীৱন কটোৱা বন্যাৰ্তক,কাপোৰ,বিশুদ্ধ খোৱা পানী,খাদ্য সামগ্ৰী,নেপকিন,চাবোন,ব্লিচিং পাউদাৰ,শিশুসকলকৰ খাদ্য, বহী,কলম,ফেনাইলৰ বতলকে ধৰি বিভিন্ন ধৰণৰ সাহাৰ্য প্ৰদান কৰে।
বাৰেগোগা,নাৰিকলি আৰু কুঁৱৰী আটিৰ বান শিবিৰ সমূহত সাহাৰ্য প্ৰদান কৰা হয়।নগাঁও সদৰ ৰঙাজিঞা শখা,ধিং আঞ্চলিক কবি সন্মিলন,জামুগুৰি শাখা কবি সন্মিলন,মন্দাকিনী কবি চক্ৰ,ফুলগুৰি আঞ্চলিক কবি সন্মিলন,সোণাইপৰীয়া শাখা কবি সন্মিলনে বান সাহাৰ্য অভিযানত সহযোগিতা আগবঢ়ায়।
অসমী শইকীয়াই নগাঁও জিলা কবি সন্মিলনৰ বান সাহাৰ্য অভিযানলৈ সাহাৰ্য আগবঢ়ায়।বান সাহাৰ্য প্ৰদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকী,উপদেষ্টা নৱজ্যোতি শৰ্মা বৰুৱা,জিলা সভাপতি দ্বীজেন্দ্ৰ নাথ হাজৰিকা,উপসভাপতি অশোক ৰাম ভট্ৰাচাৰ্য,শশী কেওট,নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱন শৰ্মা ,সম্পাদক ৰাজু সমীৰণ ,প্ৰচাৰ সম্পাদক নীলকমল শইকীয়া,কবি চন্দ্ৰ বৰাকে প্ৰমুখ্য কৰি বহু কেইজন কবিয়ে।নগাঁও জিলা কবি সন্মিলনে সকলো হৃদয়বান লোককে বানক্ৰান্ত ৰাইজক সহায় -সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
আৰু পঢ়ক: অকণি মেলত 'অকণিৰ বাৰ্তা' উন্মোচন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us