/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/jonai-2.jpg)
ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষৰ সৌজন্যত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক আঁচনিৰ সহযোগত জোনাই মহকুমাৰ বানপীড়িত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।
মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক কুমাৰ দলেয়ে জানিব লৈ দিয়া মতে জোনাই মহকুমাৰ বানবিধ্বস্ত ৰোহিতপুৰ দেউৰী গাঁৱত মহাবিদ্যালয়ৰ তৰফৰ পৰা সাহায্য বিতৰণ কৰা হয়।
আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষৰ তাত্ত্বাবধায়ক অধ্যাপক মহিম চন্দ্র পায়েং আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক আঁচনিৰ প্ৰগ্ৰাম অফিচাৰ অধ্যাপক কৃষ্ণকান্ত দলেৰ নেতৃত্বত আৰু মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ সহযোগত আঁঠুৱা, দাইল, চাবোন আৰু খাদ্য সামগ্ৰী বন্যাৰ্ত পৰিয়ালৰ মাজত বিতৰণ কৰে।
এই সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেয়ে অংশগ্রহণ কৰি বানপানীৰ পিছত স্বাস্থ্য সজাগতা বিষয়ত গ্ৰহণ কৰিব লগা বিভিন্ন সাৱধানতা সম্পর্কে বন্যাৰ্ত ৰাইজক বুজাই কয়।
আৰু পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক ভাবুকি প্ৰদান কৰি ৰঙাঘৰৰ আলহী যুৱক…