স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব…

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব…

author-image
asomiyapratidin
New Update
আই অ’ চি পে’ট্ৰল পাম্পত দি আহিব পাৰিব অব্যৱহৃত জাতীয় পতাকা…

ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটিমান ঘন্টা বাকী। প্ৰস্তুতি বৰ্তমানে সম্পূৰ্ণ হৈ উঠিছে। সকলো ব্যস্ত অনুশীলন বা আন কাৰ্যত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত খেলপথাৰত পতাকা উত্তোলন কৰিব। বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিব্ৰুগড়ৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই। আনহাতে বিশ্বনাথত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব হমন্ত্ৰী ওৰখাও গৌৰা ব্ৰহ্মই।

Advertisment

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব কামৰূপ জিলাত। কাছাৰ জিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী পৰিমন শুক্লবদ্যই। আনহাতে, গোলাঘাটত মন্ত্ৰী কেশৱ মহন্তই, ধুবুৰীত ৰণুজ পেগুৱে, শোণিতপুৰত অশোক সিংঘলে, লখিমপুৰত মন্ত্ৰী যোগেন মোহনে, দৰং জিলাত সঞ্জয় কৃষাণে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব।

ইয়াৰ উপৰিও মন্ত্ৰী পিযুষ হাজৰিকাই নগাঁৱত, অজন্তা নেওগে যোৰহাটত, বিমল বৰাই শিৱসাগৰত, নন্দিতা গৰলোচাই বৰপেটাত আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী জিলাত স্বাধীনতাৰ পতাকা উত্তোলন কৰিব।

আৰু পঢ়ক : "বিজেপিয়ে জাত-পাতৰ ৰাজনীতি কৰিছে । উন্নয়নৰ ৰাজনীতি কৰা নাই।" – ভূপেন বৰা

assam himanta biswa sarma bjp