লামডিঙত ৭৬তম স্বাধীনতা দিৱস উলহ মালহৰে উদযাপন

লামডিঙত ৭৬তম স্বাধীনতা দিৱস উলহ মালহৰে উদযাপন

author-image
asomiyapratidin
New Update
লামডিঙত ৭৬তম স্বাধীনতা দিৱস উলহ মালহৰে উদযাপন

ডিজিটেল সংবাদ, লামডিং : আজি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে হোজাই জিলাৰ লামডিঙতো ৭৬তম স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ লামডিং শ্বহীদ মৈদানত লামডিং নাগৰিক সমীতিৰ উদ্যোগত স্বাধীনতা দিৱস পালন কৰা হয় ৷ লামডিঙৰ শ্বহীদ মৈদানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই পতাকা উত্তোলন কৰে ৷ আনফালে লামডিং ৰেলৱে মণ্ডলৰ উদ্যোগত লামডিং ৰেলৱে বিবেকানন্দ খেলপথাৰত উদযাপিত কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে লামডিং মণ্ডলৰ ৰেলৱে প্ৰৱন্ধক জে এছ লাকৰাই ৷ উক্ত অনুষ্ঠানত লামডিং ৰেলৱে সুৰক্ষা বাহিনী, ৰেলৱে বিশেষ সুৰক্ষা বাহিনী আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ স্কাউট এণ্ড গাইডে মণ্ডল প্ৰৱন্ধকগৰাকীক গাৰ্ড অফ অনাৰ দিয়াৰ লগতে পেৰেড কৰি সকলোকে উৎফুল্লিত কৰিও তোলে ৷

Advertisment

আৰু পঢ়ক : নগাঁৱত ৭৬ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই…

lamding independence day assam