/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/47146245-ed27-4a3b-b69c-df14bdc403f4/nogaon_police.jpg)
ডিজিটেল সংবাদ,নগাঁও : এটি,দুটি নহয় বৰং পাঁচটাকৈ নগাঁও আৰক্ষীৰ বিষয়াৰ কোঠাত তলা লাগি আছে ৷ কিয়নো গুৰুত্ব পূৰ্ণ পদ কেইটা খালী ৷ দীৰ্ঘ দিন ধৰি খালী হৈ আছে নগাঁও আৰক্ষীৰ পাঁচটাকৈ গুৰুত্বপূৰ্ণ পদ ৷ ফলত দুটাকৈ পদত থকা দুগৰাকী আৰক্ষী বিষয়াই দীৰ্ঘ দিনে নগাঁৱৰ দৰে গুৰুত্বপূৰ্ণ এখন জিলাৰ আইন শৃংখলা জনিত পৰিবেশ নিয়ন্ত্ৰন কৰিব লগা হৈছে ৷
বৰ্তমান নগাঁও আৰক্ষী অধীক্ষক লীনা দলে আৰু উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙে নগাঁও আৰক্ষীৰ সকলো কাম পৰিচালনা কৰিব লগা হৈছে ৷ এই দুগৰাকী বিষয়াই দিনে ৰাতিয়ে জিলাখনৰ কাম কাজ পৰিচালনা কৰি আহিছে ৷ দুইগৰাকী বিষয়াই কৰ্তব্য সফলতাৰে সম্পাদন কৰিলেও গুৰুত্বপূৰ্ণ পাঁচটাকৈ পদ চৰকাৰে পূৰণ নকৰাটো ৰহস্যজনক ৷
নগাঁৱত খালী হৈ থকা পদ সমূহৰ ভিতৰত আছে অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ , অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰাপত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক সীমান্ত শাখাৰ পদ ৷ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়া নগাঁৱৰ পৰা বদলি হোৱা বছেৰেক হবৰে হ’ল যদিও উক্ত পদত চৰকাৰী ভাবে কোনো বিষয়াক মকৰল কৰা হোৱা নাই ৷ সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাক পদোন্নতি সহ বদলি কৰা হয় যদিও উক্ত স্হানত কোনো বিষয়াক মকৰল কৰা নাই ৷ নিৰাপত্তাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাক জৰুৰী ভাবে নিশাৰ ভিতৰতে পোন্ধৰ আগষ্টৰ আগত বদলি কৰা হয় যদিও উক্ত পদটো কোন বিষয়াক মকৰল কৰা হোৱা নাই ৷
নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালিক ধূবুৰীলৈ বদলি কৰা হয় ৷ বিপৰিতে মালিৰ স্হানত কোনো বিষয়াক চৰকাৰী ভাবে নিয়োগ কৰা হোৱা নাই ৷ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক জনে অৱসৰ গ্ৰহণ কৰাৰ পিছত উক্ত পদটো কোনো বিষয়াক নিয়োজিত কৰা হোৱা নাই ৷ এনে দৰে জিলাখনৰ এটাৰ পিছত এটাকৈ খালী হৈ থকা গুৰুত্বপূৰ্ণ আৰক্ষী বিষয়া পদত কাকো নিয়োজিত নকৰাত স্বাভাবিকতে সমস্যাৰ সৃষ্টি হৈছে বিভাগটোত ৷
চৰকাৰী ভাবে কিয় এই পদসমূহ পূৰণ কৰা হোৱা নাই তাক লৈ নগাঁৱত চৰ্চা ৷ এক সুত্ৰ মতে নগাঁৱৰ পৰা বদলি হৈ যোৱা একাধিক বিষয়াই নগাঁৱলৈ পুনৰ ঘূৰি আহিবলৈ প্ৰতিযোগিতাত নমাৰ বাবে সমস্যাত পৰিছে গৃহ বিভাগৰ শীৰ্ষ বিষয়া ৷ মন্ত্ৰী-বিধায়কক তৈল মৰ্দন কৰি এই আৰক্ষী বিষয়া সকলে মঙহা বুলি আৰক্ষীৰ মাজত পৰিচিত নগাঁৱত পুনৰ চাকৰি কৰা মন মেলিছে ৷ ফলত সমস্যা হৈছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ ৷ কাক ধৰিব কাক এৰিব ৷ নগাঁও জিলাৰ দৰে গুৰুত্ব পূৰ্ণ জিলাত পাঁচটাকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ পদ খালী হৈ থকাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে সাধাৰন লোকৰ ৷