মাছ মাৰি লাখপতি হোৱাৰ সুৱৰ্ণ সুযোগ...

মাছ মাৰি লাখপতি হোৱাৰ সুৱৰ্ণ সুযোগ...

ডিজিটেল ডেস্ক : মাছ মাৰি লাখপতি হোৱাৰ সুৱৰ্ণ সুযোগ । অহা ১০ ডিছেম্বৰত পুখুৰীত মাছ ধৰা প্ৰতিযোগিতা পাতিছে গৃহস্থই । আধা কেজিৰ পৰা ৮ কেজিলৈকে মাছ আছে পুখুৰীটোত । যিয়ে এই প্ৰতিযোগিতাত অংশ লৈ সকলোতকৈ বেছি ওজনৰ মাছটো ধৰিব তেওঁ লাভ কৰিব ৪ ল‍াখ টকা ।

আনহাতে, দ্বিতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব ২ লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব ১ লাখ টকা । ইয়াৰ ওপৰিও চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ পুৰস্কাৰ লাভ কৰোতাই পাব ক্ৰমে ৫০ হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকা । লগতে সপ্তম পুৰস্কাৰ হিচাপে দিয়া হ'ব ১৫ হাজাৰ টকা আৰু আন ৩ জন ব্যক্তিয়ে লাভ কৰিব ১০ হাজাৰকৈ টকা ।

দক্ষিণ কামৰূপৰ গৰৈমাৰী ভালুকবাৰীৰ শংকৰ আজান মীন পালন পামে আয়োজন কৰিছে এই প্ৰতিযোগিতা ।

কোনো আগ্ৰহী লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিছাৰিলে ৯১০১১৭০২৪২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in