লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ দপদপনি! মাছমৰীয়াৰ আক্ৰমণত আহত ৩ বনকৰ্মী…

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ দপদপনি! মাছমৰীয়াৰ আক্ৰমণত আহত ৩ বনকৰ্মী…

author-image
asomiyapratidin
New Update
লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ দপদপনি! মাছমৰীয়াৰ আক্ৰমণত আহত ৩ বনকৰ্মী…

প্ৰতিদিন ডিজিটেল সংবাদ,ৰূপহীহাটঃ নগাওঁ জিলাৰ উত্তৰাঞ্চলত অৱস্থিত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যত আজি বৃহস্পতি বাৰে পুৱাৰ ভাগতে এজাক চোৰাং মাছমৰীয়াৰ দলে আক্ৰমণ কৰে অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মীৰ দল এটাক৷ এই আক্ৰমণটো ঘটিছে লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিৱিৰ এলেকাৰ বনকৰ্মীসকলে নিয়মীয়া পহৰা দি থকাৰ সময়ত৷ চোৰাং মাছমৰীয়া দলটোক নেতৃত্ব দিছে কুৰবান আলী নামৰ লোকজনে৷ চোৰাং মাছমৰীয়া দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ বনকৰ্মী৷ আহত বনকৰ্মীকেইজন হ'ল গিৰিধৰ শইকীয়া, জিয়াউৰ ৰহমান আৰু চন্দন ঘোষ৷ চোৰাং মাছমৰীয়া দলটোৰ বিৰুদ্ধে বন বিভাগে গড়াজান আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে৷

Advertisment

কিন্তু প্ৰশ্ন হয় যে এখন অভয়াৰণ্য বাহিৰা লোকৰ প্ৰবেশ কেনেকৈ হয়? অভয়াৰণ্যৰ আইন বাতিল হল নেকি? অনাধিকাৰ প্ৰবেশ কৰা লোকে আজিৰ দৰে আগেও বহুবাৰ আক্ৰমণ চলোৱা সংবাদ আছে৷ বহু লোকে সন্দেহ কৰে সংশ্লিষ্ট বনকৰ্মী জড়িত নহলে এনে ঘটনা ঘটা সম্ভৱ নহয় অভয়াৰণ্যৰ মাজত৷ এনে বিষয়সমূহ প্ৰশাসনক গুৰুত্বসহকাৰে ল'বলৈ দাবী জনাইছে ৰূপহীবাসীয়ে৷

আৰু পঢ়কঃ ই-ৰিক্সাৰ চালকলৈ সকাহ, এ.পি.ডি.চি.এলৰ নিৰ্দেশনা স্থগিত…

forest department of assam assam govt