/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d635b61c-f5cd-4974-88e6-1b8e7d258de3/native_american.jpg)
ডিজিটেল ডেস্ক : শতিকাজোৰা অত্যাচাৰ, শোষণৰ পাছত অৱশেষত বিংশ শতিকাত হে আমেৰিকান নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছিল খিলঞ্জীয়া আমেৰিকান সকলে । আমেৰিকাৰ ইতিহাসত আটাইতকৈ বেছি শোষিত ৰূপে গণ্য কৰা হয় খিলঞ্জীয়া আমেৰিকান সকলক । তেনে এক সংগ্ৰামৰ মাজৰ পৰাই আওনাপু মান নামৰ মহাকাশচাৰী গৰাকীয়ে ৰচিবলৈ ওলাইছে ইতিহাস ।
নাছা আৰু স্পেছ এক্সৰ যুটীয়া প্ৰচেষ্টাত পৃথিৱীৰ কক্ষপথক ইতিমধ্যেই প্ৰদক্ষিণ কৰি থকা গৱেষণাগাৰটোত থকা মহাকাশচাৰী সকলক যোগদান কৰিব আওনাপু মানে । এই অভিযানটিত কমাণ্ডাৰৰ ভূমিকা গ্ৰহণ কৰিব মহাকাশচাৰী গৰাকীয়ে । যাত্ৰা কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠা আওনাপু মান হ'ল প্ৰথম গৰাকী খিলঞ্জীয়া আমেৰিকান মহাকাশচাৰী । এই সন্দৰ্ভত, সংবাদ মাধ্যমৰ সন্মুখত মহাকাশচাৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি, এই যাত্ৰা তেখেতৰ পৰিয়াল তথা সমগ্ৰ সম্প্ৰদায়টোৰ বাবেই এক গৌৰৱৰ বিষয় ।
উল্লেখ্য যে, আওনাপু মান হৈছে উত্তৰ কেলিফৰ্নিয়াৰ ৱাইলাকি জনজাতিৰ খিলঞ্জীয়া আমেৰিকান । ১৯৯৯ চনত আমেৰিকান মেৰিনৰ দ্বিতীয় লেফটেনেন্ট ৰূপে যোগদান কৰা আওনাপু মানে ২০১৩ চনৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছিল মহাকাশচাৰী হিচাপে ।