'কলাসমন্বয়'ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস, তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মান

ইণ্ডিয়ান ইণ্টাৰনেচনেল পাৰফর্মিং আৰ্টিছটছ কনচর্টিয়াম (IIPAC)-এ আৰম্ভ কৰা 'কলাসমন্বয়' নামৰ অনুষ্ঠানটোৱে অহা ২৬ এপ্রিল, ২০২৫ তাৰিখে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব।

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

'কলাসমন্বয়'ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, গুৱাহাটী: শিল্প, সংস্কৃতি আৰু সাহিত্যৰ বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাক সুৰক্ষা আৰু সম্বৰ্ধনা জনাবলৈ প্রতিশ্রুতিবদ্ধ সংস্থা ইণ্ডিয়ান ইণ্টাৰনেচনেল পাৰফর্মিং আৰ্টিছটছ কনচর্টিয়াম (IIPAC)-এ আৰম্ভ কৰা 'কলাসমন্বয়' নামৰ উদ্যোগে  ২৬ এপ্রিল, ২০২৫ তাৰিখে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব।

Advertisment

"এই অনুষ্ঠান কেৱল এটি সাংস্কৃতিক সন্ধ্যা নহয়- এইয়া এটি মননশীলতা আৰু সৃষ্টিশীলতাৰ যাত্রা, য'ত থাকিব বহুতো চিন্তনশীল অনুষ্ঠান আৰু দর্শনীয় শিল্পপ্রদর্শন হ'ব" বুলি মন্তব্য আগবঢ়ায় বিষয়ববীয়াই। অনুষ্ঠানৰ অন্যতম আকর্ষণ হ'ব কলাসমন্বয় লাইফটাইম এচিভমেন্ট বঁটা প্রদান। এইবাৰ অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিত্বক প্রদান কৰা হ'ব, যিসকল বিশিষ্ট ব্যক্তিয়ে সাহিত্য, সংগীত আৰু সমাজ সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

অনুষ্ঠানত সম্মানিত ব্যক্তিসকল হ'ল-
 কীর্তি কমল ভূঞা সাহিত্যক্ষেত্রত অসামান্য অৱদান,
 পুলক বেনার্জী- কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত অৱদানৰ বাবে,
 দামোদৰ প্ৰসাদ বাজাজ সমাজ সেৱাত উল্লেখযোগ্য ভূমিকা পালন কৰাৰ বাবে।

সাংগঠনিক সম্পাদক সুশান্ত চৌধুৰীয়ে কয়- "এই সন্ধ্যাটো কেৱল এটি অনুষ্ঠান নহয়, ই হৈছে এটি অধ্যয়ন, গৱেষণা আৰু সংস্কৃতিক পুনৰ ব্যাখ্যা কৰাৰ এটা প্রয়াস। আমি বিশ্বাস কৰোঁ যে, এনে দৃষ্টিভংগীৰে আমি আমাৰ সাংস্কৃতিক পৰম্পৰাক আধুনিক সমাজত প্রাসঙ্গিক কৰি ৰাখিব পাৰিম।"

প্ৰতিষ্ঠা দিৱস