ৰঙিয়াৰ দিপ্তী নগৰত গুলীচালনাৰ ঘটনা...

আঘাতপ্ৰাপ্ত মৃদুলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ দিপ্তী নগৰত গুলীচালনাৰ ঘটনা...

ডিজিটেল ডেস্ক : কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ৰঙিয়াৰ দিপ্তী নগৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা। জ্যোতিপ্ৰকাশ শৰ্মাৰ নামৰ লোকজনৰ গুলিত আঘাপ্ৰাপ্ত হৈছে এজন লোক।

Advertisment

আহত লোকজনৰ নাম মৃদুল বণিয়া বুলি জানিব পৰা গৈছে। ইতিমধ্যে আঘাতপ্ৰাপ্ত মৃদুলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পাছতে জ্যোতিপ্ৰকাশে মৃদুললৈ বুলি দুই জাঁই গুলী নিক্ষেপ কৰে। ফলত আঘাতপ্ৰাপ্ত হয় মৃদুল।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে জ্যোতিপ্ৰকাশৰ পিষ্টলটো। পূৰ্বেও নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলটোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল জ্যোতিপ্ৰকাশ শৰ্মাই। সম্প্ৰতি ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।  

Also Read: প্লাষ্টিকৰ চাউলৰ পিচত এইবাৰ কৃত্ৰিম নহৰু : নেপাল সীমান্তত জব্দ ১.৪ কুইণ্টল...

rangia Assam police