বৰঝাৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা

বৰঝাৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা
বৰঝাৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা

ডিজিটেল সংবাদ,ওৰাঙঃ দৰং আৰু ওদালগুৰি জিলাৰ সীমান্ত ওৰাঙৰ বৰঝাৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা। গুলিচালনা কৰি ধন লুট কৰাৰ প্ৰয়াস দুৰ্বৃত্তৰ। জানিব পৰা অনুসৰি ওৰাঙৰ বৰঝাৰৰ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুলিচালনা কৰে তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে।

দুৰ্বৃত্তৰ দলটোৱে এখন কলা পালচাৰ বাইকত অহা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। স্থানীয়লোকে প্ৰত্যক্ষ কৰা মতে বাইকখনৰ নম্বৰ এ এছ ২৭ আছিল বুলি জানিবলৈ দিয়ে। ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰাহুল পালক পিষ্টল দেখুৱাই তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে কেন্দ্ৰটোত প্ৰৱেশ কৰি ৰাহুল পালক দিনটোত জমা হোৱা গ্ৰাহকৰ সকলো টকা বিছাৰিছিল বুলি জনায়।

এনে পৰিস্থিত দুৰ্বৃত্তৰ দলটো দেখি পালে চিঞৰ বাখৰ লগাই। লগে লগে ৰাহুল পালৰ কাষতে থকা দোকানী ওলাই আহে। তিনিজনীয়া দুৰ্বৃত্তৰ দলটোক বাধা দিবলৈ চেষ্টা কৰা দোকানীক লক্ষ্য কৰি দুৰ্বৃত্তৰ দলটোৱে গুলিচালনা কৰে।

কোনোমতে দুৰ্বৃত্তৰ দলটোৰ গুলিচালনাৰ পৰা ৰক্ষা পৰে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰিবলৈ ওলাই অহা ব্যবসায়ীগৰাকী। লগে লগে ঘটনাস্থলীত উপস্থিত হয় দলগাওঁ আৰু ওৰাং আৰক্ষী। ইয়াৰ পিছতে ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in