/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ambu.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ কাৱৈমাৰীত ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা জ্বলি উঠিল এখন এম্বুলেঞ্চত।
কথমপি প্ৰান ৰক্ষা পৰে এম্বুলেঞ্চত থকা ৰোগী আৰু চালকৰ।
জ্বলি উঠা এম্বুলেঞ্চ খনৰ নম্বৰ হৈছে এ এছ ০১ জে চি ৭২২০। নগাঁও চহৰলৈ ৰোগী লৈ আহি থকা অৱস্থাত কাৱৈমাৰী পেট্ৰল ডিপো সন্মুখত সংঘটিত হয় এই ঘটনা ।
অগ্নিকাণ্ডৰ ফলত এম্বুলেঞ্চ খন সম্পূৰ্ণ ভাবে অগ্নিদগ্ধ হয় । স্থানীয় লোকৰ তৎপৰতাত অগ্নিনিৰ্বাপন কৰা হয় এম্বুলেঞ্চখনৰ জুই। ৰাজপথত এম্বুলেঞ্চ জ্বলি উঠিত বহু সময় ধৰি যাতায়ত ব্যাহত হয়।
জানিব পৰা মতে এম্বুলেঞ্চ খন দগাঁৱৰ পৰা ৰোগী লৈ নগাঁৱলৈ আহিছিল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি মোকাবিলা কৰে। যান্ত্ৰিক বিজুতিৰ বাবে এম্বুলেঞ্চ খন জ্বলি উঠা বুলি সন্দেহ ।
আৰু পঢ়ক: নগাঁৱৰ সমাজসেৱী ৰুণু বৰাৰ দেহাৱসান