শিঙাৰপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

কেইবা লক্ষাধিক টকা মূল্যৰ সামগ্ৰীৰ ক্ষতিসাধন
শিঙাৰপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ, দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰপাৰাত শনিবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবালক্ষাধিক টকা মূল্যৰ সামগ্ৰী ভস্মীভূত হয়। দিনৰ প্ৰায় ১২ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত এটাৰ পিছত আনটোকৈ প্ৰায় চাৰিটা পৰায়ালৰ বাসগৃহ ভস্মীভূত হয়।

স্থানীয় লোকে অৱগত কৰা অনুসৰি অগ্নিকাণ্ড সন্দৰ্ভত বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো যথা সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হ'বলৈ সক্ষম নহ'ল। যাৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ ক্ষয় ক্ষতিৰ পৰিমাণ অধিক হয়।

আনহাতে জুইৰ লেলিহান শিখাত পৰি দুখনকৈ স্কুটি বাহন সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে মূল্যৱান সামগ্ৰী ভস্মীভূত হয়।

উল্লেখ্য যে গাঁৱখনৰ ভূপেন তালুকদাৰ নামৰ এজন লোকৰ ঘৰৰ পৰা প্ৰথমে উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যদিও স্থানীয় লোকে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

শিঙাৰপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড
বিভাগে আগতেও দিছিল সাৱধানবাণী ! কিন্তু কাকো কেৰেপেই কৰা নাছিল লাবুমণিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in