মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড: ২০ লক্ষাধিক টকাৰ সম্পতি ধ্বংস

মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড: ২০ লক্ষাধিক টকাৰ সম্পতি ধ্বংস

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড: ২০ লক্ষাধিক টকাৰ সম্পতি ধ্বংস

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইনথেম মুংগং গাঁৱত শনিবাৰে পুৱতি নিশা লাচেং গুদুং নামৰ ব্যক্তিজনৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ ধ্বংস হোৱা বুলি জানিব পৰা গৈছে। শ্বৰ্ট চাৰ্কিটৰ লগতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত মাৰ্ঘেৰিটাৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিওঁ অগ্নিকাণ্ড লেলিহানে শিখাই নিমিষতে বাসগৃহটো ধ্বংসস্তুপত পৰিণত কৰে। স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালটোক চৰকাৰী ক্ষতিপূৰণ দিবলৈ চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে। এই ঘটনাৰ ফলত এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Also Read: হাংজৌত সৃষ্টি নতুন অভিলেখ...

fire