লাহৰীঘাটৰ মৰাপাট গুদামত ভয়ংকৰ অগ্নিকাণ্ড

লাহৰীঘাটৰ ভূৰাগাঁৱৰ বানমূৰীত ভাৰতীয় মৰাপাট নিগম(জে চি আই) ৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
 লাহৰীঘাটৰ মৰাপাট  গুদামত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্কঃ লাহৰীঘাটৰ ভূৰাগাঁৱৰ বানমূৰীত ভাৰতীয় মৰাপাট নিগম(জে চি আই) ৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত পুৰি চাৰখাৰ হৈছে গুদামত মজুত থকা কেবাহাজাৰ কুইণ্টল মৰাপাট। জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি লৈছে গুদামকেইটা। গুদামৰ ভিতৰে বাহিৰে এতিয়াও জুই জ্বলি আছে। দাউদাউকৈ জ্বলি থকা জুই নিৰ্বাপন কৰিবলৈ এইপৰ্যন্ত সক্ষম হোৱা নাই ।

Advertisment

ইতিমধ্যে মৰিগাঁও, মৈৰাবাৰী ,ধিং, গুৱাহাটী চন্দ্ৰপুৰৰ পৰা অগ্নি নিৰ্বাপক গাড়ীয়ে জুই নুমোৱাবলৈ চেষ্টা চলাই আছে যদিও পুনৰ নগাঁৱৰ পৰা নিয়া হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলাৰ আয়ুক্ত ।

স্থানীয় ৰাইজৰ মাজত আতংক বৃদ্ধি হৈছে। এইপৰ্যন্ত অগ্নিকাণ্ড কেনেকৈ সূত্ৰপাত হ'ল কোনো তথ্য জানিব পৰা নাই। চৰকাৰৰ অধীনত থকা এই বৃহদাকাৰ গুদামত কোনোবাই ষড়যন্ত্ৰ কৰি জুই লগোৱা বুলিও বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰিছে।

Also Read: বৰহোলা বালিজান মিচিং গাঁৱত আলি আঃয়ে লৃগাং উদযাপন

lahorighat fire case