কলিয়াবৰৰ কুঁৱৰীটোলত ভয়াৱহ অগ্নিকাণ্ড

কলিয়াবৰৰ কুঁৱৰীটোলত ভয়াৱহ অগ্নিকাণ্ড। কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ কুঁৱৰীটোলত ভয়াৱহ অগ্নিকাণ্ড। কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড। সৰস্বতী পূজাৰ অন্তত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকল ঘৰমুৱা হোৱাৰ পাছত সন্ধিয়া বিদ্যালয়খনৰ সা-সামগ্ৰী মজুত কৰি ৰখা এটা কোঠাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। পূজাৰ অন্তত আধা জ্বলা খৰি আনি সা-সামগ্ৰী মজুত ৰখা কোঠাত মজুত কৰি ৰখাৰ পৰিণতিতে সংঘটিত হয় এই ঘটনা।

Advertisment

অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী, কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰে। অগ্নি কাণ্ডৰ পৰা কাষৰীয় কেইবাটাও বাসগৃহৰ লগতে বিদ্যালয় খনিৰ শ্ৰেনীকোঠা ৰক্ষা পৰে যদিও ভিৰতৰ মজুত কৰি ৰখা চাউলকে ধৰি কিছু সামগ্ৰী ভষ্মীভূত হয়।

Also Read: মহানগৰীত সন্ধানহীন দুই ছাত্ৰী

Kaliabar fire case