Advertisment

ডুমডুমাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড...

ডুমডুমাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ ডুমডুমাৰ ফিল'বাৰীৰ ৰূপজানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় বাচ্চালাল চৌহান নামৰ ব্যক্তিজনৰ বাসগৃহ। পুৱতি নিশা প্ৰায় ৩বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈ নিমিষতে গৃহটি জাহ যায় ।

Advertisment

অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও যথেষ্ট পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে। অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় লোকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

চৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰ সুত্ৰপাত হোৱাৰ সন্দেহ। অগ্নিকাণ্ডত নগদ ৮০ হাজাৰ টকা, আ-অলংকাৰ, জৰুৰী নথিপত্ৰ, আচবাচ সহ প্ৰায় ৫লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়-ক্ষতিৰ অনুমান কৰা হৈছে। ইয়াৰোপৰি গাই দুজনী আৰু চাৰিটাকৈ ছাগলীৰ অগ্নিকাণ্ডত মৃত্যু হয় ।

fire case dumduma