চিলাপথাৰত দূৰ্গোৎসৱত ভয়ানক অগ্নিকাণ্ড...

ছাঁইলৈ পৰ্যবসিত হ'ল দহ খনকৈ দোকান। কোটি টকাৰ সম্পত্তি ভষ্মীভূত।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত দূৰ্গোৎসৱত ভয়ানক অগ্নিকাণ্ড...

ডিজিটেল সংবাদ, চিলাপথাৰ : দূৰ্গোৎসৱৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে চিলাপথাৰত যোৱা নিশা সংঘটিত হ'ল এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। চিলাপথাৰ ষ্টেচন পথৰ সীতাৰাম টায়ে বজাৰত সংঘটিত হ'ল এই ঘটনা। নিশা প্ৰায় ১২ বজাত অকস্মাত এখন দোকানৰ পৰা পোনতে সম্প্ৰসাৰিত হয় জুই। চকুৰ পচাৰতে সৰ্বগ্ৰাসী জুয়ে এখনৰ পিছত এখনকৈ দহখন দোকান, ঘৰৰ লগতে ব্যয়বহুল আচবাব, সমস্ত সামগ্ৰী ভষ্মীভূত কৰে।

Advertisment

চিলাপথাৰ,লিকাবালি, জোনাই,ধেমাজি,ডিব্ৰুগড় আদিৰ পৰা ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপনৰ চেষ্টা চলায় যদিও সফল নহ'ল। ভয়ংকৰ জুইত নিমিষতে চাউলৰ বিশাল গুদাম,অলংকাৰ, কাপোৰ,বেটাৰীৰ দোকান পুৰি ছাঁইলৈ পৰ্যবসিত হ'ল । দৈৱক্ৰমে গুৰুতৰভাৱে আহত হোৱাৰ পৰা ৰক্ষা পৰিল বহুতো ব্যৱসায়ী পৰিয়াৰ লোক । দুৰ্ভগীয়া ব্যৱসায়ী সকলে এই দুৰ্ঘটনাৰ পাছত সাহায্য প্ৰাৰ্থনা কৰে চৰকাৰৰ ওচৰত ।

assam chilapothar