বাইহাটা চাৰিআলিৰ খেহেনিপাৰাত অগ্নিকাণ্ড...

বাইহাটা চাৰিআলিৰ খেহেনিপাৰাত অগ্নিকাণ্ড...
বাইহাটা চাৰিআলিৰ খেহেনিপাৰাত অগ্নিকাণ্ড...

ডিজিটেল সংবাদ দুমুনিচকী: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ খেহেনিপাৰাত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিশা প্ৰায় ১১-৩০ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ধৰ্মেন্দ্ৰ দাস‌ নামৰ স্থানীয় লোক এজনৰ দোকানখন। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰে স্থানীয় লোকে যোগাযোগ কৰে।

আৰক্ষীয়ে বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক বাহিনীক ঘটনা সম্পৰ্কে অবগত কৰাত আগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহন খেহেনিপাৰাত উপস্থিত হৈ জ্বলি থকা দোকান খনৰ অগ্নি নিৰ্বাপন কৰে যদিও দোকানখন সম্পূৰ্ণৰূপে জুইত জাহ গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in