কমাৰ্চ পইণ্টত মাজনিশা অগ্নিকাণ্ডঃ বাতৰিৰ বাবে যোৱা সাংবাদিকক আৰক্ষীৰ সন্মুখতে উদণ্ড যুৱকৰ নিৰ্মম প্ৰহাৰ...

মঙ্গলবাৰে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ এদল লোকৰ সাক্ষাততে অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বণজিৎ ঠাকুৰীয়া নিৰ্মম ভাৱে প্ৰহৃত

author-image
Asomiya Pratidin
New Update
কমাৰ্চ পইণ্টত মাজনিশা অগ্নিকাণ্ডঃ বাতৰিৰ বাবে যোৱা সাংবাদিকক আৰক্ষীৰ সন্মুখতে উদণ্ড যুৱকৰ নিৰ্মম প্ৰহাৰ...

ডিজিটেল ডেস্কঃ নিশাৰ কমাৰ্চ পইণ্ট পুনৰ উদণ্ড যুৱকৰ ঘাটি হৈ পৰিছে। একাংশ প্ৰভাৱশালী লোকৰ উদণ্ড সন্তানৰ উদ্ভণ্ডালি আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইয়াৰ পৰিণতিতে মঙ্গলবাৰে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ এদল লোকৰ সাক্ষাততে অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বণজিৎ ঠাকুৰীয়া নিৰ্মম ভাৱে প্ৰহৃত হ'বলগীয়া হয়।

Advertisment

উল্লেখযোগ্য যে, মাজ নিশা প্ৰায় ১২-৪৫ বজাত গুৱাহাটী কমাৰ্চ আৰু জে বি আইন মহাবিদ্যালয়ৰ সমীপৰ ফেট ভেলী নামৰ প্ৰতিষ্ঠানটোৰ সংলগ্ন এটা অংশত অগ্নিকাণ্ড সংঘটিত হয়। এই খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপন বাহিনী তাত উপস্থিত হৈ জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই।

চানমাৰি থানাৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়। ইফালে অসমীয়া প্ৰতিদিনৰ নিশাৰ ভাগৰ দায়িত্বত থকা জ্যেষ্ঠ স্তফ ৰিপ'ৰ্টাৰ বনজিৎ ঠাকুৰীয়াই এই খবৰ পাই ঘটনাস্থলীলৈ যায়। ইতিমধ্যে জুই নিৰ্বাপিত হৈছিল যদিও ঘটনা সন্দৰ্ভত জানিবৰ বাবে ৰেষ্টুৰেণ্টখনৰ কাষ চাপি যোৱাৰ লগে লগে তাত সমবেত হৈ থকা এদল উদণ্ড যুৱকে- 'তই কোন ৰিপ'ৰ্টাৰ ওলাইছ' বুলি তেওঁৰ ওপৰত জপিয়াই পৰে।

চৰ, ঘোচা, গোৰেৰে দুজনে তেওঁক আঘাত কৰাৰ উপৰিও পিন্ধি থকা চাৰ্ট ফালি পেলাই। সেই সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ দলটো উভতি গৈছিল যদিও এখন গাড়ীৰৈ সৈতে আৰক্ষীৰ দল এটা তেতিয়াও ঘটনাস্থলীত উপস্থিত আছিল।

আৰক্ষীৰ লোকসকলে বণজিৎক ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱাত উদণ্ড যুৱকৰ দলটোৰ একাংশই পলায়ন কৰাৰ বিপৰীতে আন দুজন যুৱকে এখন বিলাসী গাড়ীত উঠি জুৰোডেৰে পলায়ন কৰে। সেই সময়ত আৰক্ষীৰ লোকসকলকো অশ্লীল গালি-গালাজেৰে উদণ্ড যুৱকৰ দলটোৱে অপদস্ত কৰিছিল।

দলটোৰ আক্ৰমণত পৰি যোৱা বণজিৎক উঠাই লৈ আৰক্ষীৰ দলটোৱে পলায়ন কৰা বিলাসী গাড়ীখন অনুসৰন কৰে আৰু অম্বিকা পেট্ৰ'ল ডিপুৰ ওচৰত সেইখন ধৰিবলৈ সক্ষম হয়। উদণ্ড যুৱক দুজনে ব্যৱহাৰ কৰা কিয়া কোম্পানীৰ বাহনখনৰ নম্বৰ AS 01 EH 9432 । দুজন যুৱকসহ গাড়ীখন চানমাৰি থানালৈ নিয়াৰ পিছত বণজিতে এখন এজাহাৰো দাখিল কৰে।

সেই সময়তে থানাত উপস্থিত হয় গৈ চানমাৰি পইণ্টৰ ফেট ভেলী নামৰ ৰেষ্টুৰেণ্টৰ গৰাকী বুলি পৰিচয় দিয়া এগৰাকী মহিলা। তেওঁ থানাতে তৰ্জন, গৰ্জন কৰি বণজিৎক -'তই কোন সাংবাদিক ওলাইছ, বহু ছিনিয়ৰ সাংবাদিকৰ সৈতে মোৰ ঘনিষ্ঠ সম্পৰ্ক' বুলি দম্ভালি মৰাৰ উপৰিও আৰক্ষীকো জুই কেনেকৈ লাগিল তাৰ কৈফিয়ৎ বিচাৰে।

পিছত এজাহাৰখন উঠাই লৈ বুজাবুজি কৰিবলৈও বণজিৎক হেঁচা প্ৰয়োগ কৰাৰ সময়তে আৰক্ষী থানাত প্ৰতিদিনৰ আন দুগৰাকী জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ পাঠকসহ চিণ্ময় ৰয় উপস্থিত হয়গৈ। ইফালে আৰক্ষীয়ে বণজিৎৰ মেডিকেল পৰীক্ষাৰ বাবে তেওঁক জি এম চি এইছলৈ ওলোৱাত মহিলাগৰাকীয়ে তেওঁৰ গাড়ীৰে জি এম চি এইছলৈ নিবলৈ বিচাৰি জোৰ কৰে।

কিন্তু আৰক্ষী আৰু বণজিৎ সৈমান নহৈ, আন গাড়ীৰেই তেওঁলোক জি এম চি এইছত উপস্থিত হয় আৰু নিশাই তেওঁৰ এস্কৰে', চিটিস্কেন, চন'গ্ৰাফী আদি পৰীক্ষা কৰি প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত পুৱা অস্থায়ী ভাৱে ঘৰলৈ অহাৰ অনুমতি দিয়ে। উল্লেখযোগ্য যে নাক, মূৰ, বুকু আৰু মুখত প্ৰচণ্ড আঘাত পোৱা বণজিৎৰ নাক, মুখেৰে তেজ ওলাই আছিল।

আনহাতে চানমাৰি থানাই পলাই যোৱা দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ বাহনখন জব্দ কৰিছে যদিও সাংবাদিক গৰাকীক আক্ৰমণ কৰা বহু কেইগৰাকীক এতিয়াও আটক কৰিবলৈ বাকী আছে। চি চি কেমেৰা সংলগ্ন হৈ থকা অতিকে স্পৰ্শকাটৰ কমাৰ্চ পইণ্টত সেই সময়ৰ দৃশ্য নিশ্চিত ভাৱেই বন্দী হৈ আছে আৰু আৰক্ষীয়ে সেয়া পৰীক্ষা কৰিলেই সকলো কথা জল জল পট পট কৈ ওলাই পৰিব।

ইফালে প্ৰভাৱশালী মহিলাগৰাকীয়ে গোচৰটো পঞ্জিয়ন নকৰিবলৈ আৰু আটক কৰা সকলক এৰি দিবলৈ বিভিন্ন প্ৰকাৰে হেঁচা প্ৰয়োগ কৰাৰ খবৰ পোৱা গৈছে। অসমীয়া প্ৰতিদিনৰ তৰফৰ পৰাও এই ঘটনাৰ সবিশেষ নিশাই আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰাৰ লগতে পুৱা আৰক্ষী আয়ুক্ত কাৰ্যালয়কো অৱগত কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে গোচৰ পঞ্জিয়ন কৰা নাই।

আশ্চৰ্যজনক কথাটো হ'ল এটা সময়ত কমাৰ্চ পইণ্ট উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ ঘাটি হৈ পৰাৰ ফলত বহু জ্যেষ্ঠ লোক ইয়াত অপদস্ত হ'বলগীয়া হৈছিল। এই বিষয়ে গঢ়লোৱা জনমতৰ পৰিপ্ৰেক্ষিততে ইয়াক পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণ কৰা হয় যদিও শেহতীয়াকৈ পুনৰ এই পইণ্ট নিশা গভীৰ হৈ অহাৰ লগে লগে উদণ্ড যুৱকৰ অবাধ আনন্দৰ মেলাস্থলীত পৰিণত হৈছে।

মঙ্গলবাৰে নিশা প্ৰায় ১ বজাত আৰক্ষী, সাংবাদিকক এদল যুৱকে সংগবদ্ধ ভাৱে আক্ৰমণ কৰা ঘটনাই ইয়াৰ এক স্পষ্ট প্ৰমাণ।সেয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সাদিন প্ৰতিদিন গোষ্ঠীৰ সমূহ সাংবাদিকৰ লগতে বিভিন্ন সাংবাদিকে দাবী জনাইছে।

CHANDMARI guwahati police ASOMIYA PRATIDIN guwahati